মাওবাদীৰে সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীৰ ২২জন জোৱান শ্বহীদ, ৩১জন আহত

শ্বহীদ অসম সন্তান বীৰ বাবলু ৰাভা

jpg 1

মাওবাদীৰ স’তে মুখামুখি সংঘৰ্ষত ২২ জন চিআৰপিএফ জোৱান শ্বহীদ হয় আৰু ৩১ জন জোৱান ইতিমধ্যে নিখোঁজ হৈ আছে । প্ৰশাসনৰ সূত্ৰ অনুসৰি, নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

কালি চট্টিছগড়ৰ সুকুমা-বিজাপুৰ সীমান্তত চিআৰপিএফ বাহিনীয়ে মাওবাদী দমন অভিযান চলাইছিল । সেই অভিযানতেই মাওবাদীৰ স’তে গুলী চালনা সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীৰ ২২জন জোৱানে মৃত্যুক সাৱটি লয় ।

আজি বিজাপুৰৰ আৰক্ষী বিষয়া কমল লোচন কাশ্যপে সংবাদ মাধ্যমৰ স’তে এক সাক্ষাৎকাৰত জনায়, ‘চট্টিছগড়ৰ সুকুমা-বিজাপুৰ সীমান্তত মাওবাদী সংঘৰ্ষত ২২ জন জোৱানে প্ৰাণ হেৰুৱাইছে, ৩১ জন আহত হৈছে ।’ ইয়াৰ পূৰ্বে শনিবাৰে মাওবাদী দমন অভিযানত পাঁচজন অৰ্ধসামৰিক জোৱান নিহত হৈছে বুলি জনাইছিল চট্টিছগড় আৰক্ষীয়ে ।

শ্বহীদ জোৱানসকলৰ ভিতৰত আছিল অসমৰো এজন । জোৱানগৰাকী দুধনৈৰ দামৰাৰ বাবলু ৰাভা । তেওঁ চিআৰপিএফৰ কোব্ৰা বেটেলিয়নত কৰ্মৰত আছিল । বিগত বৰ্ষৰ নৱেম্বৰত শেষবাৰৰ বাবে নিজ গৃহত আহিছিল বাবলুৱে । বীৰ জোৱানগৰাকীয়ে ইহ সংসাৰত পত্নী, এটি কন্যা শিশুসহ বহু আত্মীয়স্বজনক এৰি থৈ যায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি টুইট কৰে, ‘চট্টিছগড়ত মাওবাদীৰ স’তে যুঁজ চলি থকাৰ সময়ত মোৰ চিন্তন তেওঁলোকৰ পৰিয়ালবৰ্গৰ স’তে আছিল । সাহসী শ্বহীদসকলৰ বলিদান কেতিয়াও পাহৰিব পৰা নাযাব । গুৰুত্বৰ আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক ।’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বেগ প্ৰকাশ কৰি টুইট কৰে, মই চট্টিছগড়ৰ মাওবাদী স’তে যুঁজত শ্বহীদ হোৱা সাহসী নিৰাপত্তা কৰ্মীসকলৰ বলিদানক প্ৰণাম জনাওঁ । সমগ্ৰ দেশে তেওঁলোকৰ বীৰত্ব কেতিয়াও পাহৰিব নোৱাৰে । তেওঁলোকৰ পৰিয়ালবৰ্গক মোৰ সমবেদনা । শান্তি আৰু বিকাশৰ বাবে আমি এই শত্ৰুবোৰৰ বিৰুদ্ধে যুঁজি যাম । আহতসকল শীঘ্ৰে সুস্থ হওক ।’

Exit mobile version