হাউলীত নগদ তিনি লাখ ৪০ হেজাৰ টকা জব্দ

thumb

হাউলীত কালি নিশা আৰক্ষীৰ, ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণ বাহিনীৰ অভিযানত নগদ তিনি লাখ ৪০ হেজাৰ টকা জব্দ কৰে । হাউলী চাৰিআলিত পুৱতি নিশা চলোৱা এক তালাচীত হাউলীৰ সমীপৰ শুকমানাহ গাঁৱৰ বিল্লাল খানৰ পৰা টকাখিনি জব্দ কৰা হয় ।

ব্যক্তি জনে টকাখিনিৰ উৎস সন্দৰ্ভত কোনো সঠিক তথ্য দাখিল কৰিবলৈ ব্যৰ্থ হোৱাত টকাখিনি জব্দ কৰে । পাছত জব্দকৃত টকাখিনি বৰপেটা কোষাগাৰত জমা কৰা হয় ।

উল্লেখযোগ্য যে, নিৰ্বাচনী বিধি অনুসৰি সম্প্ৰতি বিশেষ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাহিৰে ৫০ হেজাৰৰ অধিক নগদ ধনৰ সৰবৰাহ নিষেধ কৰা হৈছে ।

Exit mobile version