হাউলীত মুখ‍্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

১০ লাখ নিবনুৱা যুৱক-যুৱতীক আগন্তুক দিনত কৰ্মসংস্থাপন দিয়া হ'বঃ সৰ্বানন্দ সোণোৱাল

WhatsApp Image 2021 04 04 at 6.29.38 PM

হাউলীৰ নৰ্মাল স্কুল খেলপথাৰত আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ সন্দৰ্ভত কয় যে, গুণীন্দ্ৰ নাথ দাস এজন ভদ্ৰ লোক, বৰপেটাৰ নিচিনা সমষ্টি যিটোক আমি সকলোৱে এক সমন্বয়ৰ সমষ্টি বুলি কওঁ, আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰখনে বৰাক-ব্ৰহ্মপুত্ৰ ,পাহাৰ-ভৈয়াম সকলোকে মিলি এক সমন্বয়ৰ সেতু গঢ়িব বিচাৰো যিটো ১৫ বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে জৰ্জৰিত কংগ্ৰেছৰ শাসন কালত কেতিয়াও সম্ভৱপৰ হৈ উঠা নাছিল। নৰেন্দ্ৰ মোদীৰ সবকা সাথ, বকা বিকাশ, সবকা বিশ্বাস নীতিৰ আধাৰতে আমি আৰু আমাৰ চৰকাৰখনে যোৱা পাঁচটা বছৰে আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুজিবলৈ সক্ষম হৈছো ।’

তেওঁ লগতে কয়, ‘আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে লোৱা প্ৰতিটো খোজ আমাৰ চৰকাৰখনে নিষ্ঠাৰে পালন কৰি আহিছে । প্ৰত্যেক জনগোষ্ঠীকে আমাৰ চৰকাৰখনে ভাষা , সংস্কৃতিৰ ফালৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰিছোঁ আৰু ফলত জনগোষ্ঠী সমূহৰ স্বভিমান বৃদ্ধি হৈছে। মহিলাসকলৰ স্বাৱলম্বীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰখনে আগন্তুক পাঁচ বছৰত ৩০ লক্ষাধিক মহিলাক প্ৰতিমাহে তিনি হেজাৰ টকাকৈ অৰুনোদয় আঁচনিৰে আৰ্থিক অনুদান প্ৰদান কৰা হ’ব ।

ইয়াৰ উপৰিও ১০ লক্ষ নিবনুৱা যুৱক-যুৱতীক আগন্তুক দিনত কৰ্মসংস্থাপন দিয়া হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাৰ কথা উল্লেখ কৰি কয় যে, গুৰু দুজনাই সত্ৰ প্ৰতিষ্ঠা কৰি বৰপেটাত অসমীয়া সংস্কৃতি শক্তিশালী কৰিছিল । ইয়াৰ উপৰিও ভাষণৰ শেষত উপস্থিত থাকি ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰাত ৰাইজে গুণীন্দ্ৰ নাথ দাসক ডেৰ লক্ষ ভোটেৰে বিজয় কৰা কথাৰে চিঞৰে ।

উক্ত নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা, অগপৰ কাৰ্যকাৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত , জ্যেষ্ঠ অগপৰ নেতা কুমাৰ দীপক দাস, ন অগপ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, অনিল দাস, নিপা কলিতা, হেমন্ত কুমাৰ দেউৰী, দীপক পাঠক, অঞ্জলী চৌধুৰী, উৎপল ভৰালীৰ লগতে বহুসংখ্যক অগপ, বিজেপি আৰু ইউপিপিএলৰ নেতা উপস্থিত থাকে ।

Exit mobile version