চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল কৰ’না আক্ৰান্ত অক্ষয় কুমাৰক

ram setu 45 covid cases

আজি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কৰ’না আক্ৰান্ত অক্ষয় কুমাৰক । তেওঁ পুৱাই টুইট কৰি নিজৰ স্বাস্থ্যৰ বিষয়ে জনায় লিখে, ‘আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ বাবে ধন্যবাদ । মই প্ৰাৰ্থনাৰ সুফল লাভ কৰিছো । লাহে লাহে সুস্থও হৈছো । চিকিৎসকসকলৰ পৰামৰ্শ মৰ্মে চিকিৎসালয়ত চিকিৎসাধীন হৈছো । অতি শীঘ্ৰে ঘৰলৈ উভতিম বুলি আশা ৰাখিছো । নিজৰ ধ্যান ৰাখক ।’

দেওবাৰে অক্ষয় কুমাৰৰ কৰ’না আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ‘ৰাম সেতু’ চলচ্চিত্ৰৰ কলা-কৌশলীসকলৰ ক’ভিড পৰীক্ষণ কৰা হয় । সূত্ৰ অনুসৰি, এশজনৰ ক’ভিড পৰীক্ষণ কৰি ৪৫ জনক ক’ভিড পজিটিভ পোৱা গৈছে । সেয়ে ক’ভিড সংক্ৰমণ হোৱাৰ পাছতে বন্ধ কৰি দিয়া হয় চলচ্চিত্ৰখনৰ কাম ।

Exit mobile version