কুৱাৰেণ্টাইনত ‘ৰাম সেতু’ৰ দুই নায়িকা জেকলিন আৰু নুছৰত !

81572442

সাৱধানৰ মৰণ নাই ! এই কথাৰ মান ৰাখিয়ে কুৱাৰেণ্টাইন হ’ল ‘ৰাম সেতু’ চলচ্চিত্ৰৰ দুগৰাকী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ আৰু নুছৰত বাৰুচা । বলীউডৰ সূত্ৰ অনুসৰি, অভিনেতা অক্ষয় কুমাৰ কৰ’না আক্ৰান্ত হোৱাৰ পাছতে শ্বুটিঙৰ স’তে জড়িত এশজন লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় । ইয়াৰে ৪৫ জন লোক ক’ভিড-১৯ পজিটিভ হোৱাৰ লগে লগে নিজ গৃহতে কুৱাৰেণ্টাইন হয় নায়িকা দুগৰাকী ।

অভিনেত্ৰী দুগৰাকীৰ ক’ভিড পৰীক্ষণ কৰা হৈছে যদিও ইতিমধ্যে পৰীক্ষণৰ ৰিপ’ৰ্ট অহা নাই বুলি জনায় তেওঁলোকে । কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ নুছৰতে পূৰ্বৰ পৰাই গৰম ভাপ লোৱা আৰম্ভ কৰিছে ।

জেকলিনৰ ইষ্টাগ্ৰাম পোষ্ট অনুসৰি, পোহনীয়া মেকুৰীৰ স’তেই অধিক সময় অতিবাহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে । উদ্বিগ্নতা নাশ কৰিবলৈ নুছৰতে অক্ষয়, জেকলিনৰ স’তে ভিডিঅ’ কল কৰিছে । ভিডিঅ’ কনফাৰেন্সৰ সেই আড্ডা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তিনিওজনে ।

Exit mobile version