দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ

৩০ এপ্ৰিল পৰ্যন্ত নৈশিক সান্ধ্য আইন জাৰি দিল্লীত

967534 964072 944849 night curfew

দিল্লীত ৩০ এপ্ৰিল পৰ্যন্ত নৈশিক সান্ধ্য আইন ঘোষণা । প্ৰতিদিন নিশা ১০টাৰ পৰা পুৱা পাঁচ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন । কৰ’নাৰ দ্বিতীয় ঢৌত দৈনিক সংক্ৰমণ আৰু মৃত্যুৰ হাৰ দ্ৰুত গতিত বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিলে দিল্লী প্ৰশাসনে ।

বিগত সপ্তাহত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছিল যে, সম্প্ৰতি তলাবন্ধ দিয়াৰ কোনো সম্ভাৱনা নাই । কালি ৰাজধানীত তিনি হেজাৰ ৫৪৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় আৰু ১৫ জনৰ মৃত্যু হয় সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে ।

দিল্লী চৰকাৰে জনায় যে, নৈশিক সান্ধ্য আইন চলাকালীন কোনোৱে প্ৰতিষেধক ক্ৰয় কৰিবলৈ গ’লে লগত ই-পাছ লৈ যাব লাগিব । জৰুৰী পৰিসেৱাৰ স’তে জড়িত নাগৰিকসকলকো বিশেষ অনুমতি পত্ৰ প্ৰদান কৰা হ’ব । প্ৰিণ্ট মেডিয়া আৰু ইলেক্ট্ৰনিক মেডিয়াৰ সাংবাদিকসকলেও এই সুবিধা লাভ কৰিব ।

ব্যক্তিগত চিকিৎসা অনুশীলনৰ স’তে জড়িত সকলে নাৰ্চ আৰু চিকিৎসা ক্ষেত্ৰৰ স’তে জড়িত পৰিচয় পত্ৰ দেখুওৱালেই হ’ব । গৰ্ভৱতী মহিলা আৰু অসুস্থ ৰোগীসকলৰ ক্ষেত্ৰত এই বিধি নিষেধ শিথিল কৰা হ’ব ।

Exit mobile version