সকলো সতৰ্কতা অৱলম্বন কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

79472121

আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে মাস্ক পৰিধান কৰা, নিয়মিত হাত ধোৱা আদিৰ দৰে অন্যান্য সতৰ্কতা অৱলম্বন কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায় । বিগত তিনি দিনত প্ৰতিদিনে এক লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে, সেয়ে তেওঁ এই আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে, ‘ৱৰ্ল্ড হেল্থ ডে, যিসকলে আমাৰ পৃথিৱীখনক সুস্থ কৰি ৰাখিবৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰা এটা দিন ।’

তেওঁ লগতে কয় যে, স্বাস্থ্যসেৱাৰ বাবে গৱেষণা আৰু উদ্ভাৱনক সমৰ্থন কৰাৰ বিষয়ত আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰো এটা দিন । লগতে প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আৰু সুস্থ থাকিবলৈ যথা সম্ভৱ পদক্ষেপ গ্ৰহণ কৰক ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে, জনসাধাৰণে যাতে উচ্চ মানৰ আৰু কম খৰছী স্বাস্থ্যসেৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰে তাৰ বাবে চৰকাৰে আয়ুস্মান ভাৰত আৰু জনৌষধি যোজনাসহ বহু পদক্ষেপ গ্ৰহণ কৰিছে । ক’ভিড-১৯ৰ স’তে যুঁজিবলৈ ভাৰতে বিশ্বৰ বৃহত্তম প্ৰতিষেধক প্ৰদান অভিযান পৰিচালনা কৰিছে ।

স্বাস্থ্য সচেতনতাৰ বাবে প্ৰতি বছৰে সাত এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ পৃষ্ঠপোষকতাত ৱৰ্ল্ড হেল্থ ডে পালন কৰা হয় । ১৯৪৮ ত প্ৰথম স্বাস্থ্যজনিত সভাৰ সূচনা হোৱাৰ পাছত ১৯৫০ত এই সূচনা কাৰ্যকৰী হয় । এই দিৱস উদযাপনৰ লক্ষ্য হ’ল হু-ৱে অগ্ৰাধিকাৰ দিয়া নিৰ্দিষ্ট স্বাস্থ্যৰ বিষয়বস্তু সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা ।

Exit mobile version