ক’ভেক্সিনে হজম শক্তি হ্ৰাস কৰে, প্ৰতিষেধক সন্দৰ্ভত সতৰ্কবাৰ্তা

104047928 c0199695 mmr vaccination spl 1

কলকাতা স্কুল অৱ ট্ৰপিকেল মেডিচিনৰ ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ফাৰ্মাক’লজি বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী ডা: শান্তনু ত্ৰিপাঠীয়ে জনায় যে, প্ৰতিষেধকৰ পাৰদৰ্শিতাৰ সম্পূৰ্ণ স্পষ্ট তথ্য নাই ।

তেওঁৰ যুক্তি, প্ৰতিটো প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল এই পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই । এই পৰ্যন্ত প্ৰতিষেধকৰ ট্ৰায়েলৰ যি ৰিপ’ৰ্ট আহিছে সেয়া কেৱল প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা আৰু চৰকাৰেহে চাব পাৰে । ডা: ত্ৰিপাঠীয়ে দাবী জনায় যে, সেই ৰিপ’ৰ্ট জনসাধাৰণৰ আগতো প্ৰকাশ কৰিব লাগে, যাতে চিকিৎসকসকলেও পৰ্যৱেক্ষণ কৰিব পাৰে প্ৰতিষেধকটো কিমান কাৰ্যকৰী ।

চৰকাৰে সাৰ্বজনিকভাৱে প্ৰতিষেধকৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলোৱা কাৰ্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি ডা: ত্ৰিপাঠীয়ে কয়, ‘প্ৰতিষেধকৰ লিটাৰেচাৰতেই লিখা আছে, কোনো ধৰণৰ এলাৰ্জি থকা, তেজ পাতল কৰা দৰৱ গ্ৰহণ কৰা, শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা, গৰ্ভৱতী, সদ্যোজাত শিশুক স্তনপান কৰোৱাসকলে প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে । ইয়াৰ পাছতো কেনেকৈ প্ৰতিষেধক সন্দৰ্ভত সাৰ্বিক প্ৰচাৰ চলোৱা হৈছে ।’

ক’ভেক্সিনত থকা উপাদানৰ বিষয়েও জটিলতাৰ সৃষ্টি হৈছে । তেওঁ জনায় যে, ক’ভেক্সিনত ছয় মাইক্ৰ’গ্ৰাম হ’ল ভিৰিয়ন এণ্টিজেন, ২৫০ মাইক্ৰ’গ্ৰাম এলুমিনিয়াম হাইড্ৰ’ক্সি জেল, ১৫ মাইক্ৰ’গ্ৰাম টিএলআৰ সাত আৰু ২৫০০ মাইক্ৰ’গ্ৰাম ফেন’ক্সিথান’ল আছে । এলুমিনিয়ামে শৰীৰৰ ইলেক্ট্ৰ’ কেমিকেল ছুইচিং নিয়ন্ত্ৰণ কৰিব পাৰে । ইয়াৰ ফলত সাধাৰণ হজম ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ।

ক’ভিশ্বিল্ড প্ৰতিষেধক সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে । চিকিৎসকসকলৰ অনুযায়ী, ২০২৩ৰ এপ্ৰিল-মে’ৰ পূৰ্বে এই দুই প্ৰতিষেধকৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য প্ৰকাশ্যত অহা সম্ভৱ নহয় । প্ৰতিষেধক গ্ৰহণ কৰিলেই যে সমস্যাৰ সমাধান হ’ব এই যুক্তিক লৈও প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে ।

এই সন্দৰ্ভত ডা: সায়ন্তন বন্দ্যোপাধ্যায়ে কয়, ‘প্ৰাপ্তবয়স্কসকলক জোৰ কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাৰ পূৰ্বে মনত ৰখা উচিত যে, ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ লোকসকলৰ ওপৰত প্ৰতিষেধকৰ পৰীক্ষণ কৰা হৈছে । ইয়াৰ পাছত কোৱা হৈছে যে, সত্তোৰ্ধ্বৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব । ইয়াৰ কিবা বৈজ্ঞানিক যুক্তি আছে নেকি ?’

অৱশ্যে প্ৰতিষেধক গ্ৰহণ কৰাৰ পূৰ্বে ভেক্সিনেটৰ জনোৱা উচিত যে,
● আপোনাৰ কোনো ধৰণৰ এলাৰ্জি আছে নেকি ?
● তেজ পাতল কৰা দৰৱ গ্ৰহণ কৰে নেকি ?
●‌শ্বাসজনিত সমস্যা আছে নেকি ?
● সন্তান সম্ভৱা নেকি ?
● শিশুক স্তনপান কৰাই নেকি ?

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে জনায় যে, সকলোবোৰ প্ৰতিষেধক প্ৰি কুৱালিফিকেছন স্তৰত এপ্ৰোভ হৈছে । প্ৰতিষেধকৰ পৰা কোনো ধৰণৰ পৰ্শ্বপ্ৰতিক্ৰিয়া হ’লেহে দায়িত্ব গ্ৰহণ কৰা হ’ব । ক’ভেক্সিনে হু-ৰ পৰা এই প্ৰি কুৱালিফিকেছন স্তৰত অনুমোদন পত্ৰ লাভ কৰা নাই ‌।

Exit mobile version