পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

48754303217 52b156c6f7 o

চলিত বৰ্ষৰ মাৰ্চৰ আৰম্ভণিৰ পৰাই পুনৰ ভাৰতত বৃদ্ধি পাবলৈ লৈছে ক’ভিড সংক্ৰমণ । সংক্ৰমণ বৃদ্ধিৰ শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ । সম্প্ৰতি উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত । সেয়ে মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী বৰ্ষা গাইকৱাড়ে কয়, ‘বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰিয়ে আৰু শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে ৰাজ্যৰ অধীনস্থ বিদ্যালয়বোৰৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকল‌‌ক পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

তেওঁ লগতে কয়, ‘বৰ্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰৰ অধীনত থকা সকলো বিদ্যালয়ৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকল‌‌কো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

অৱশ্যে কাৰ্যসূচী অনুযায়ীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা ২৩ এপ্ৰিল আৰু দশম শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা ২৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব । বোৰ্ডে দশম শ্ৰেণীৰ প্ৰেক্টিকেল পৰীক্ষা বাতিল কৰিছে । কোনো শিক্ষাৰ্থীয়ে ক’ভিড আক্ৰান্ত হোৱাৰ ফলত পৰীক্ষা দিব নোৱাৰিলে পুনৰ জুনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত বহিব পাৰিব বুলি জনায় শিক্ষা বিভাগে ।

বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত নতুনকৈ ৫৯ হেজাৰ ৯০৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ৩২২ জনৰ মৃত্যু হৈছে । ভাৰতৰ মুঠ সক্ৰিয় ক’ভিড ৰোগীৰ অধিক সংখ্যকেই এই ৰাজ্যৰ । সেয়ে শিক্ষাৰ্থীসকলৰ হকে এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰশাসনে ।

Exit mobile version