ভাৰতীয় সেনা বিষয়াই এককভাৱে দ্ৰুতগতিত চাইকেল চলাই গঢ়িলে দুটা গিনিছ ৱৰ্ল্ড অভিলেখ

bharat pannu facebook

ভাৰতীয় সেনাৰ লেফটেনেন্ট কৰ্ণেল ভাৰত পন্নুৱে বিগত বৰ্ষৰ অক্টোবৰৰ পৰা এই পৰ্যন্ত এককভাৱে দ্ৰুতগতিত চাইকেল চলাই দুটা গিনিছ ৱৰ্ল্ড অভিলেখত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।

সেনাবাহিনীৰ কৰ্মকৰ্তাসকলে জনায় যে, পন্নুৱে ১০ অক্টোবৰ ২০২০ত লেহৰ পৰা মনালিলৈ ৩০:২৫ ঘণ্টাত ৪৭২ কিলোমিটাৰ চাইকেল চলাই প্ৰথম অভিলেখ গঢ়িছিল ।

লগতে তেওঁলোকে জনায় যে, কৰ্ণেল পন্নুৱে ১৪ দিন ২৩ ঘণ্টা ৫২ মিনিটত ৫,৯৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতা সুংযোগী পথ ‘গ’ল্ডেন কুৱাড্ৰিলেটাৰেল’ত চাইকেল চলাই দ্বিতীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

বিষয়াসকলে জনায় যে, এই চাইকেল চলোৱা অনুষ্ঠানতো ১৬ অক্টোবৰত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ পৰা আৰম্ভ হৈ ৩০ অক্টোবৰত সেই একেই স্থানতে সমাপ্ত হয় ।

লেফটেনেন্ট কৰ্ণেলজনে কিছুদিন পূৰ্বে তেওঁৰ দুটা গিনিছ ৱৰ্ল্ড অভিলেখৰ মানপত্ৰ লাভ কৰে ।

Exit mobile version