মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেল অনুষ্ঠিত নকৰিবলৈ উদ্ধৱ ঠাকৰেক পত্ৰ প্ৰেৰণ স্থানীয় বাসিন্দাৰ

927877 wankhedestadium

ভয়ত কঁপিছে মুম্বাইৰ চাৰ্চ গেটৰ বাসিন্দাসকল । ক’ভিড আতংকৰ বাবে তেওঁলোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক পত্ৰ প্ৰেৰণ কৰি জনায় যে, ৱাংখেড়ে ষ্টেডিয়ামত আইপিএল খেল অনুষ্ঠিত কৰিব নালাগে ।

ভাৰতীয় ক্ৰিকেট বোৰ্ডে এইবাৰ দৰ্শকশূণ্য ষ্টেডিয়ামত খেল অনুষ্ঠিত কৰা হ’ব বুলি জনায় যদিও, ৱাংখেড়ে ষ্টেডিয়ামৰ নিকটৱৰ্তী বাসিন্দাসকলে মত প্ৰকাশ কৰে যে, খেল অনুষ্ঠিত হ’লে ষ্টেডিয়ামৰ কাষত খেল চাবলৈ মানুহৰ ভিৰ হ’বই । বিশেষকৈ নৰিমেন পইণ্টৰ যি হোটেলত টিমসমূহ থাকিব তাতেও মানুহৰ ভিৰ হ’বই ।

ষ্টেডিয়াম সংযোগী ডি ৰোডৰ বাসিন্দাসকলে মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰা পত্ৰত লিখে, ‘চৰকাৰে বিবাহ বা শ্ৰাদ্ধৰ অনুমতি দিয়া নাই । তেনেহ’লে কি ভিত্তিত ইমান দিন আইপিএল অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিলে ? প্ৰত্যেক বছৰে আইপিএল অনুষ্ঠিত হ’লে অঞ্চলটোৰ বাসিন্দাসকলৰ বাহন ৰাখিবলৈ ব্যাপক সমস্যাৰ সৃষ্টি হয় । এইবাৰ ক’ভিড পৰিস্থিতিৰ বাবে এই সমস্যা আৰু বৃদ্ধি হ’ব ।’

১০ এপ্ৰিলত ৱাংখেড়েত প্ৰথম খেল অনুষ্ঠিত হ’ব চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত ।

Exit mobile version