কোচৰাজবংশী জনগোষ্ঠীক যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰী আৰু বিপিএফে ঠগি আছিলেঃ প্ৰমোদ বড়ো

WhatsApp Image 2021 04 09 at 2.47.45 PM

অসম বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ কেইটামান দিন বাকী থকাৰ আগমুহূর্তত আজি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, কোচৰাজবংশী জনগোষ্ঠীক যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰী আৰু বিপিএফে ঠগি আহিছে । হাগ্ৰামাই জনগোষ্ঠীটোক কেৱল প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰি আছিল জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে একো কাম কৰা নাছিল। কোচৰাজবংশী জনগোষ্ঠীয়ে এতিয়া বুজি পাইছে যে, বিপিএফ আৰু হাগ্ৰামা মহিলাৰীৰ কৱলত থাকিলে জনগোষ্ঠীটোৰ একো উন্নতি নহ’ব ।

তেওঁ লগতে কয়, ‘অসমত বিজেপি চৰকাৰৰ নেতৃত্বত কোচৰাজবংশী জনগোষ্ঠীটোৰ সুকিয়া এখন অট’ন’মাছ কাউন্সিল গঠন হ’ল ।’ লগতে বিটিআৰৰ ভিতৰত থকা কোচৰাজবংশী জনগোষ্ঠীটোৰ বাবে এখন সুকীয়া উন্নয়ন পৰিষদ গঠন কৰিব বুলিও সদৰী কৰে বড়োৱে ।

বড়োৱে কয়, ‘বিটিআৰ চুক্তিৰ পাছত চিলাৰায়ৰ নামত এটি বৃহৎ অনুষ্ঠান গঢ়ি উঠিল যিটো যোৱা ১৭ বছৰত হাগ্ৰামাই কৰিব পৰা নাছিল । কোচৰাজবংশী জনগোষ্ঠীটো এতিয়া সঠিক সিদ্ধান্ত লৈ বিজেপি তথা ইউপিপিএল দলৰ লগত আছে ।’

কোচৰাজবংশী জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিটিআৰ চৰকাৰৰ লগতে অসম চৰকাৰে সদায় কাম কৰি যাব । লগতে কোচৰাজবংশী জনগোষ্ঠীটোৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে আমি উভয় চৰকাৰে কাম কৰি যাম বুলিও জানিব দিয়ে বড়োৱে ।

Exit mobile version