কৰ’না সংক্ৰমণ বৃদ্ধি হ’লেও ৰাজ্যসমূহক উদ্বিগ্ন নহ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

81974606

কালি মুখ্যমন্ত্ৰীসকলৰ স’তে অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজত কোনো ধৰণৰ ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে বুলি মত প্ৰকাশ কৰে । মহাৰাষ্ট্ৰৰ স’তে কেন্দ্ৰৰ প্ৰতিষেধক সন্দৰ্ভত চলি থকা মতবিৰোধিতাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলক উদ্দেশ্যি দিয়া বাৰ্তা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যসমূহৰ মাজত এটা প্ৰতিযোগিতাও আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । এইখন ৰাজ্য ক’ভিডৰ স’তে যুঁজিবলৈ ব্যৰ্থ হৈছে, এইখন ৰাজ্য‌ই যথেষ্ট ভাল কাম কৰিছে এনে ধৰণৰ মন্তব্য শুনিবলৈ পোৱা গৈছে ।’

লগতে তেওঁ মুখ্যমন্ত্ৰীসকললৈ বাৰ্তা দিয়ে, ‘কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লেও উদ্বিগ্ন নহ’ব । ৰাজ্যত কৰ’না সংক্ৰমণ বৃদ্ধি হ’লেও নাভাবিব যে আপোনালোকে ভালকৈ কাম কৰা নাই । কেৱল নমুনা পৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰক ।’

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যিমানে বেছি পৰীক্ষণ কৰা হ’ব, সিমানে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাব । নিজৰ কাম ভাল নোহোৱাৰ বাবেই সংক্ৰমণ বৃদ্ধি পাইছে বুলি নাভাবিব ।

যোৱা মংগলবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকৰ প্ৰতিষেধক সমাপ্ত হৈছে বুলি দাবী জনায় । তেওঁলোকক প্ৰতিষেধক সৰবৰাহ নকৰিলে টিকাকৰণ কাৰ্যসূচীত বাধাৰ সৃষ্টি হ’ব । মহাৰাষ্ট্ৰ চৰকাৰৰ এই অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণত তেওঁলোকৰ ব্যৰ্থতা ঢাকিবৰ বাবেই জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা হৈছে ।

Exit mobile version