গোৰেশ্বৰত সোণজুৰি নৈৰ বুকুত চলিছে বেদখল

অবৈধ গৃহ বেদখল উচ্ছেদকলৈ সৰৱ আক্ৰাছু

WhatsApp Image 2021 04 09 at 7.25.44 PM

বাগ্‌সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ সোণজুৰি নৈৰ বুকুত একাংশই চলাইছে বেদখল । যাৰ বাবে নৈখনৰ লগতে পৰিৱেশলৈ সম্প্ৰীতি ভাবুকি আহিছে । গোৰেশ্বৰ-আন্ধেৰীঘাট সংযোগী বয়াগলা পথৰ ওপৰত বটীয়ামাৰীত থকা আৰচিচি পকী দলঙৰ তলত অসাধু লোকে অবৈধভাৱে গৃহ সাজি লৈ নৈৰ মাটি বেদখল কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৰেশ্বৰ আঞ্চলিক কোচৰাজবংশী ছাত্ৰ সন্থাই।

মনকৰিবলগীয়া যে, প্ৰশাসনৰ অজ্ঞাতে এনেধৰণে একাংশ অসাধু লোকে নৈৰ বুকু বেদখল কৰি নিজা স্বাৰ্থ সিদ্ধি কৰিছে। যাৰ ফলত নৈখনৰ গতিপথ সলনি হোৱাৰ লগতে নৈখন চেপ হৈ পৰিছে। আনহাতে, বটীয়ামাৰীত এনেধৰণে নৈখন ঠেলি ঘৰ আদি সাজি লোৱাৰ বাবে পকী দলংখনলৈও ভাবুকি কঢ়িয়াই আনিছে ।

ইতিমধ্যে আক্ৰাছুৱে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াক এই সম্পৰ্কে অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি অবৈধ বেদখল উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে। আক্ৰাছুৰ লগতে স্থানীয় লোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৰেশ্বৰত সোণজুৰি নৈৰ বেদখল উচ্ছেদৰ ৰাজহ চক্ৰ বিষয়াই পদক্ষেপ গ্ৰহণ কৰিছে।

কালি গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাই উক্ত স্থান পৰিদৰ্শন কৰি যোৱাৰ পাছত আজি একাংশই বেদখল কৰা স্থান মণ্ডলে পৰিদৰ্শন কৰি বেদখল উচ্ছেদ কৰাৰ দিহা কৰে। জোনটিৰ নিৰ্দেশ মৰ্মে গোৰেশ্বৰ বটীয়ামাৰীত সোণজুৰি নৈৰ বুকুত বেআইনীভাৱে গৃহ সাজি লোৱা ঘটনা পৰিদৰ্শন কৰি গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল বিষয়াসকলে অভিযান চলাই আৰু নৈৰ বুকুত বেদখল কৰি থকা গৃহৰ বেৰবোৰ উচ্ছেদ কৰে। লগতে আৰ চি চি দলঙৰ তলত যি গৃহ নিৰ্মাণ কৰি বেদখল কৰি আছে সেইবোৰ ভাঙি পেলাবলৈ আহ্বান জনায় গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে ।

Exit mobile version