মানাহ-বৰপেটা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা

স্কুটি আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত নিহত স্কুটি আৰোহী

WhatsApp Image 2021 04 09 at 7.25.35 PM

আজি বিয়লি বেলা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু বৰপেটা ৰোড সংযোগী মুখ্য পথৰ বাজেগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৷ নিহত যুৱকজন কাটাঝাৰৰ সুশীল ঘোষৰ পুত্ৰ লক্ষণ ঘোষ ৷

উল্লেখ্য যে, বৰপেটা ৰোডৰ পৰা মানাহ অভিমুখে আহি থকা এএছ ২৮চি ৪০৪৬ নম্বৰৰ টাটা মেজিকখনৰ স’তে বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেটবিহীন স্কুটি এখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত স্কুটি আৰোহী লক্ষণ ঘোষ থিতাতে নিহত হোৱাৰ উপৰি টাটা মেজিক বাহনখনত থকা বহুকেইগৰাকী লোক আহত হয় ৷

ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত এম্বুলেন্সৰ জৰিয়তে আহতসকলক বৰপেটা ৰোড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত ঠাইখিনিত কে’বাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

স্মৰ্তব্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই মেজিকখনৰ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয় ৷ বাগ্‌সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এনেকুৱা ঘটনা কিছুদিন পূৰ্বেও সংঘটিত হৈছিল ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে গড়কাপ্তানি বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

Exit mobile version