মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ানৰ জোৱান

গুলী ফুটাইও প্ৰাণ বচাব নোৱাৰিলে জোৱানজনে

WhatsApp Image 2021 04 09 at 7.25.33 PM 1

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত আজি পুৱা গঁড়ৰ আক্ৰমণত নিহত হয় ফৰেষ্ট বেটেলিয়ানৰ এজন জোৱান । লগতে বেচৰকাৰী সংস্থাৰ এজন সদস্য‌ও আহত হয় ৷

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্মৰত নিহত জোৱানজনৰ নাম অনিমেষ ডেকা ৷ অনিমেষ ডেকাৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত৷

উল্লেখ্য যে, আজি পুৱা প্ৰায় ১০ বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত টেক্লাই বন সুৰক্ষা শিৱিৰৰ পৰা অমিত শ্বাহ নামৰ এগৰাকী সতীৰ্থৰ স’তে অনিমেষ ডেকাই ঘন বননিৰ মাজেৰে দেওধাৰা অঞ্চললৈ গৈ আছিল। এগৰাকী বেচৰকাৰী সংস্থাৰ সদস্যৰ স’তে তিনিজনীয়া দলটিৱে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত নাতি দূৰৈত থকা মানাহৰ দুৰ্ধৰ্ষ হিচাপে পৰিচিত “ৰাজা” নামৰ গঁড়টোৱে চোঁচা লয় দুই জোৱানৰ ফালে ৷

গঁড়টোৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ অমিত শ্বাহ আৰু সমীপতে থকা কেশৱ বড়োৱে কে’বা জাই গুলী ফুটায় যদিও বাইক আৰোহী অনিমেষ ডেকাক গঁড়টোৱে আক্ৰমণ কৰি পেটত আঘাট কৰে। ফলত অনিমেষ ডেকাৰ ঘটনাস্থলীতে মৃত্যু হয়। গঁড়টোৰ এই আক্ৰমণত বেচৰকাৰী সংস্থাৰ সদস্য কেশৱ বড়োৱে ভৰিত আঘাত প্ৰাপ্ত হয়।

উল্লেখযোগ্য যে, উক্ত গঁড়টোৰ আক্ৰমণত ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনত তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে কে’বাজনো লোক আহত হৈছিল ৷ আজিৰ এই গঁড়ৰ আক্ৰমণৰ ঘটনাৰ পাছতে শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া কামেশ্বৰ বড়ো, আৰক্ষীসহ বিভাগীয় বিষয়াসকল উপস্থিত হৈ অনিমেষৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

ইপিনে অনিমেষ ডেকাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে আজি ভৱানীপুৰ ডেকাপাৰাত শোকৰ বন্যা বয়। ৩২ বছৰীয়া অনিমেষ ডেকাই তিনি মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। আজি বিয়লি অনিমেষ ডেকাৰ মৃতদেহ মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়লৈ নিয়া হয় । তাত জোৱানগৰাকীক বিষয়া কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কামেশ্বৰ বড়োৱে অনিমেষ ডেকাৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ‘আমি এগৰাকী সুদক্ষ বন সুৰক্ষা কৰ্মী হেৰুৱালো । তেওঁৰ এই অভাৱনীয় মৃত্যুৱে ভূঞাঁপাৰা, বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শোকাহত কৰি তুলিছে ।’ ইয়াৰ পাছতে অনিমেষৰ নশ্বৰদেহ ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা নিজ গৃহ ভৱানীপুৰ ডেকাপাৰালৈ অনা হয়।

বন সুৰক্ষা বাহিনীৰ জোৱানজনৰ মৃতদেহ সন্ধিয়া ঘৰ আহি পোৱাৰ লগে লগে পৰিয়াল, আত্মীয়স্বজন আৰু গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠে। অনিমেষৰ পিতৃ সুবোধ ডেকা আৰু মাতৃ মীনা ডেকাই হিয়া ধাকুৰি কান্দি কান্দি কয়, ‘সি বৰ গুণবান ল’ৰা আছিল। কোনো দিনে কোনো কথাত দুখ নিদিয়া ল’ৰাটোৱে আমাক ইমান যে দুখ দিব সপোনতো ভবা নাছিলো ৷’

উল্লেখযোগ্য যে, অনিমেষ ডেকাই ২০০২ত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ২০০৪ত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল । অতি শান্ত আৰু কৰ্ম উদ্যমী অনিমেষ ডেকাই ২০১১ৰ ২২ ফেব্ৰুৱাৰীত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত যোগদান কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ নৱ বিবাহিতা পত্নীৰ লগতে পিতৃ মাতৃ, দুজন ককায়েক, নবৌয়েক আৰু আত্মীয়স্বজনক এই সংসাৰত এৰি থৈ যায়। আজি নিশা অনিমেষ ডেকাৰ ভালেসংখ্যক লোকৰ উপস্থিতিত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

Exit mobile version