দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত একেলগে ৩৭ জন চিকিৎসক কৰ’নাত আক্ৰান্ত । আক্ৰান্ত চিকিৎসকসকলৰ ভিতৰত পাঁচজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ৩২ জনক গৃহ কুৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।
চিকিৎসায়ৰ সূত্ৰ অনুসৰি, কৰ’নাৰ উপস্থিতি লাভ কৰা চিকিৎসকসকলৰ ভিতৰত অধিকসংখ্যকেই প্ৰতিষেধক গ্ৰহণ কৰিছে । আক্ৰান্তসকলৰ ভিতৰত যুৱ চিকিৎসকৰ সংখ্যাই অধিক । তেওঁলোকৰ শৰীৰত কৰ’নাৰ সাম্যক উপসৰ্গ পৰিলক্ষিত হৈছে ।
একেলগে ইমান কেইজন চিকিৎসক কৰ’নাত আক্ৰান্ত হোৱা ঘটনাই চিকিৎসালয়ত আতংকৰ সৃষ্টি কৰিছে । ইতিমধ্যে চিকিৎসকসকলৰ সংস্পৰ্শত অহা লোকসকলক চিহ্নিত কৰা কাম আৰম্ভ কৰি দিয়া হৈছে । দিল্লীত সংক্ৰমণ আৰম্ভ হোৱাৰ পৰাই গংগা ৰাম হাস্পতালত ক’ভিডৰ চিকিৎসা চলি আছে ।
দিল্লীত বিগত ২৪ ঘণ্টাত নতুনকৈ প্ৰায় চাৰে সাত হেজাৰ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । বিগত কিছু সপ্তাহ ধৰি দিল্লীত দৈনিক সংক্ৰমণৰ হাৰ সাত হেজাৰো অতিক্ৰম কৰি আছে । সেয়ে এই বিষয়ত চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল । দিল্লীত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ছয় লাখ ৯৮ হেজাৰ পাঁচজন ।