দ্বিতীয় ঢৌৰ সংক্ৰমণত মুম্বাইত পৰিস্থিতি জটিল : তলাবন্ধৰ শংকাত পলায়ন প্রব্রজিত শ্ৰমিকৰ

migrant workers ANI

তলাবন্ধৰ শংকাত আকৌ এইবাৰ প্রব্রজিত শ্ৰমিকৰ পলায়ন আৰম্ভ হ’ল । দেশৰ বিভিন্ন অঞ্চলত নিজ গৃহৰাজ্য ত্যাগ কৰি কৰ্মৰত হৈ থকা লাখ লাখ শ্রমিক-কর্মীয়ে কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি কর্মস্থান ত্যাগ কৰি ঘৰলৈ যাবলৈ এতিয়া হেতাওপৰা লগাইছে ।

মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে ক’ভিডৰ সংক্রমণে সবাতােকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু মুম্বাইত সম্প্রতি হেজাৰ হেজাৰ শ্রমিকে ৰেল ষ্টেছনত ভিৰ কৰিছে । ঘৰলৈ উভতি যাবলৈ হাঁহাকাৰ কৰা এইসকল শ্ৰমিকৰ সৰহ সংখ্যকেই হৈছে উত্তৰ প্রদেশ, বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদিৰ ।

মুম্বাইৰ লগতে পুনে আৰু নাগপুৰতাে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিকসকলে গৃহৰাজ্যলৈ উভতি যাবলৈ ৰেল ষ্টেছনত ভিৰ কৰিছে। শ্ৰমিকৰ এনে আচৰণ প্রত্যক্ষ কৰি বিশেষজ্ঞসকলে শ্ৰমিকৰ এই পলায়নৰ ফলত উত্তৰ প্রদেশ, বিহাৰ প্রভৃতি ৰাজ্যত কৰনাৰ সংক্রমণ বৃদ্ধি পাব বুলি শংকা প্রকাশ কৰিছে ।

বিহাৰ, উত্তৰ প্ৰদেশ অভিমুখী শ্ৰমিকৰ ৰেলসমূহৰ জৰিয়তে কৰ’নাৰ নতুন প্রজাতিৰ সংক্রমণে এইকেইখন ৰাজ্যত মহাৰাষ্ট্রৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

Exit mobile version