সংক্ৰমণ বৃদ্ধি হ’লেও দিল্লীত তলাবন্ধ দিয়াৰ পৰিকল্পনা নাই : মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

kejriwal ani

সংক্ৰমণ বৃদ্ধি হ’লেও দিল্লীত তলাবন্ধ দিয়াৰ পৰিকল্পনা নাই বুলি মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। তলাবন্ধৰ পৰিকল্পনা নাই যদিও সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসন অধিক কঠোৰ হ’ব পাৰে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ এইটোও কৈছিল যে দিল্লীত পৰৱৰ্তী সাতৰ পৰা ১০ দিনৰ বাবে চলিবলৈ ভেকছিন আছে । যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা ভেকছিন নাহে তেন্তে টিকাকৰণ কাৰ্যসূচী ব্যাহত হ’ব পাৰে।

ADVERTISEMENT

শনিবাৰে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কেজৰিৱালে কয়, “যদি বৃহৎ পৰিমাণৰ ভেকছিন দিল্লীক হস্তান্তৰ কৰা হয় আৰু প্ৰশাসনে বয়সৰ বাধ্যবাধকতা প্ৰত্যাহাৰ কৰে, তেন্তে চৰকাৰে অহা দুই তিনি মাহৰ ভিতৰত ৰাজ্যখনত টিকাকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব । কিন্তু বৰ্তমান দিল্লীত পৰৱৰ্তী সাতৰ পৰা ১০ দিনৰ বাবে ভেকছিন চলিব লাগিব। সংক্ৰমণ বাঢ়িলেও দিল্লীত সম্পূৰ্ণ তলাবন্ধ কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই । কিন্তু কেইটামান নতুন নিয়ম সোনকালেই কাৰ্যকৰী কৰা হ’ব ।”

কেজৰিৱালে কয় যে, কৰ’নাৰ চতুৰ্থ ঢৌ এতিয়া দিল্লীত আহি পাইছে। ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ, টিকাকৰণ কাৰ্যসূচী আৰু সম্প্ৰসাৰিত কৰিব লাগিব। চৰকাৰে যোৱা নৱেম্বৰত কৰ’নাৰ মোকাবিলা কৰিবলৈ নিৰ্মাণ কৰা স্বাস্থ্য আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিছে।

কেজৰিৱালে জনাই যে, দিল্লীৰ কে’বাখনো চিকিৎসালয়ে সেই আন্তঃগাঁথনি সোনকালে ঘূৰাই আনিব। যোৱা ২৪ ঘণ্টাত, দিল্লীত নতুনকৈ কৰ’না ৰোগীৰ সংখ্যা আঠ হেজাৰ পাঁচশ সীমা অতিক্ৰম কৰিছে । একে সময়তে ৩৯ জন লোকৰ কৰ’নাত মৃত্যু হৈছে ।

Exit mobile version