গ্রীষ্মকালীন ফল তৰমুজৰ কিছু উপকাৰিতাৰ বিষয়ে জানো আহক

high angle view of watermelon slices on table royalty free image 769783321 1564779194

● তৰমুজত প্রচুৰ পৰিমানে পোৱা যায় পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ।

● তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে, প্রাকৃতিকভাৱে ইয়াত কোনো চর্বি নাথাকে।

● তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে।

● তৰজমুজত থকা বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।

● সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।

● তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশী ও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী।

● তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে

● তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।

● তৰমুজত প্রচুৰ পৰিমাণে এমাইনো এছিড থাকে যি শৰীৰৰ কোলেস্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত এন্টি অক্সিডেন্ট থাকে যি শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।

● তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।

● গৱেষণাত দেখা গৈছে তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে।

● তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।

● তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।

● তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া ঘামৰ মাধ্যমত শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূন্যতা দূৰ হয়।

● যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত সহায় কৰে।

● তৰমুজত থকা এন্টি অক্সিডেন্টে কেঞ্চাৰ সৃষ্টিৰ বাবে দায়ী কোষবোৰক নির্মূল কৰাত সাহায্য কৰে।

● আহাৰ খোৱাৰ পাছত তৰমুজৰ ৰস সেৱন কৰিলে খাদ্য সোনকালে হজম হয় । ইয়াৰ ফলত টোপনিও ভালকৈ আহে ।

Exit mobile version