ভুলতে কৰা এটা ছবি দেখি ৰোমাঞ্চিত ‘ফ্ৰেণ্ডছ’ প্ৰেমীসকল । উত্তেজনাৰ সৃষ্টি হয় সামাজিক মাধ্যমত । ‘ফ্ৰেণ্ডছ ৰিইউনিয়ন’ মুক্তি পোৱাৰ পূৰ্বাভাস পোৱা গ’ল ।
অভিনেতা মেথিউ পেৰীয়ে ইনষ্টাগ্ৰামত এটা ছবি প’ষ্ট কৰিছিল । তেওঁ ফ্ৰেণ্ডছ ধাৰাবাহিকত ‘চেণ্ডলাৰ বিং’ নামে এটা চৰিত্ৰত অভিনয় কৰি খলকনিৰ সৃষ্টি কৰিছিল । কিন্তু প’ষ্টটো কৰাৰ কিছু সময়ৰ পাছতে প’ষ্টটো ডিলিট কৰি দিয়ে পেৰীয়ে । তৎস্বত্তেও সামাজিক মাধ্যম ভাইৰেল হৈ পৰে ছবিখন । ছবিখনত দেখা যায় যে, ড্ৰেছিং ৰুমত আইনাৰ কাষত বহি আছে জনপ্ৰিয় চেণ্ডলাৰ । ছবিখনৰ কেপছনত তেওঁ লিখে, ‘মেকআপ ব্ৰাছ খোৱাৰ ঠিক আগ মুহূৰ্তত । বন্ধুবৰ্গৰ স’তে পুনৰ্মিলনৰ কথা উল্লেখ কৰা নাই ।’
আমেৰিকান ধাৰাবাহিক ফ্ৰেণ্ডছ আৰম্ভ হৈছিল ১৯৯৪ত । ১০ বছৰত ১০ টা ছিজন মুক্তি পাইছিল । এই জনপ্ৰিয় ধাৰাবাহিকখন সম্প্ৰতি নেটফ্লিক্সত উপলব্ধ । ছজন বন্ধুৰ জীৱনৰ বিভিন্ন মুহূৰ্ত ।
ধাৰাবাহিকখন সমাপ্ত হোৱাৰ কিছু বছৰ পাছত পুনৰ চৰিত্ৰ কেইটিক একেলগে অনা হৈছে পৰ্দাত । এঘণ্টিয়া এটা এপিছ’দ প্ৰদৰ্শন কৰা হ’ব ‘ফ্ৰেণ্ডছ ৰিইউনিয়ন’ শিৰোনামেৰে । সম্প্ৰতি শ্বুটিং সম্পন্ন হৈছে । আজি এই খবৰ লাভ কৰা হৈছে ‘ফ্ৰেণ্ডছ’ৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলৰ পৰা ।