পুনৰ একেলগে দেখা যাব অমিতাভ-দীপিকাক

deepika

২০১৫ ৰ পাছত পুনৰ ৰূপালী পর্দাতত একেলগে দেখা যাব অমিতাভ বচ্চন আৰু দীপিকা পাডুক’নক। হলীউদৰ বিখ্যাত ছবি ‘দ্য ইন্টার্ণ’ৰ হিন্দী ৰিমেকত তাৰকাদ্বয়ে একেলগে অভিনয় কৰিব। স্বয়ং দীপিকাই এই কথা সদৰী কৰিছে।

তাৰকা অভিনেত্রীগৰাকীয়ে ইনষ্টাগ্রামত লিখিছে, ‘নিজৰ প্রিয় অভিনেতাৰ স’তে কাম কৰাৰ সুযােগ পােৱাটো মােৰ বাবে হলিউদৰ বিখ্যাত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছিল এন হেথৱে আৰু ৰবার্ট ডি নিৰৱে।

কর্মক্ষেত্ৰত গঢ়ি উঠা সম্পর্ক আৰু অনুভূতিৰ ছবি আঁকিছিল ২০১৫ত মুক্তিপ্রাপ্ত নেন্সী মেয়াছ পৰিচালিত ছবিখনে। প্রবীণ অভিনেতা ডি নিৰ’ক দেখা গৈছিল এজন ৭০ বছৰীয়া বিপত্নীক বৃদ্ধৰ ভূমিকাত। একাকীত্ব দূৰ কৰিবলৈ সেই বৃদ্ধই এটা কোম্পানীত শিক্ষানবীশ হৈ নতুনকৈ কর্মজীৱন আৰম্ভ কৰিছিল।

সেই কোম্পানীৰ স্বত্ত্বাধিকাৰৰ ভূমিকাত অভিনয় কৰিছিল এনে। মালিক আৰু কৰ্মচাৰীৰ মাজত ক্ৰমাৎ বন্ধুত্ব গঢ়ি উঠাৰ কাহিনীক কেন্দ্ৰ কৰিয়ে ছবিখন আগবাঢ়ি গৈছিল। হিন্দী ৰিমেকত এনৰ ভূমিকাত দীপিকাক আৰু ডি নিৰ’ৰ ভূমিকাত বিগ-বিক দেখা যাব। অৱশ্যে ডি নিৰ’ৰ চৰিত্ৰটোৰ বাবে প্রথমে ভবা হৈছিল ঋষি কাপুৰক।

কিন্তু প্রবীণ অভিনেতাজনৰ মৃত্যুৰ পাছত চৰিত্ৰটো লাভ কৰে অমিতাভে। উল্লেখ্য যে ২০১৫ত সুজিত সৰকাৰ পৰিচালিত ‘পিকু’ ছবিত অমিতাভ-দীপিকাৰ ৰসায়ন আজিও দর্শকৰ মনত সজীৱ হৈ আছে। পিতৃ-কন্যাৰ টেঙা-মিঠা সম্পর্ক কাহিনীৰ যাদু দেখা গৈছিল বক্স অফিচতাে। প্রায় পাঁচ বছৰৰ পাছত এই যুগলবন্দী পুনৰ দর্শকৰ সন্মুখলৈ অহাৰ প্রস্তুতি আৰম্ভ হৈছে।

Exit mobile version