মহাৰাষ্ট্ৰত সম্পূৰ্ণ তলাবন্ধৰ সম্ভৱনা

maharashtra times

কৰ’না প্ৰতিৰোধ কৰিবলৈ পুনৰ তলাবন্ধ হ’ব পাৰে মহাৰাষ্ট্ৰত । কালি সৰ্বদলীয় বৈঠকত তাৰেই ইংগিত দিয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই । তেওঁৰ অনুসৰি, ন’ভেল কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত জয়ী হ’বলৈ হ’লে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব‌ই লাগিব । আজি ক’ভিড টাস্ক ফ’ৰ্ছৰ স’তে তেওঁৰ জৰুৰী বৈঠক অনুষ্ঠিত হ’ব । চৰকাৰী সূত্ৰ অনুসৰি, ইয়াৰ পাছতেই সকলো দিশৰ খাতিয়ান লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

কৰ’নাৰ দ্বিতীয় ঢৌত প্ৰতি দিনে দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সংক্ৰমিত হোৱা অধিক ‌সংখ্যকেই মহাৰাষ্ট্ৰৰ । সেয়ে শনিবাৰে সকলো দলৰ স’তে ভাৰ্চুৱেল বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ঠাকৰে । সেই বৈঠকতে তেওঁ সম্পূৰ্ণ তলাবন্ধৰ বাবে জোৰ দিয়ে ।

বৈঠকত আলোচিত বিবৃতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, দ্ৰুত হাৰত সংক্ৰমণ বৃদ্ধি পাইছে । আজি যদি আমি তলাবন্ধৰ সিদ্ধান্ত গ্ৰহণো নকৰো, অনাগত সময়ত আপুনা-আপুনিয়ে এনে পৰিস্থিতিৰ সৃষ্টি হ’ব । ক’ভিড-১৯ টাস্ক ফ’ৰ্ছৰ স’তে এই বিষয়ত আলোচনা হ’ব । এফালে মানুহৰ আবেগ, আনফালে অতিমাৰী । এই যুঁজত জয়ী হ’বলৈ হ’লে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব‌ই লাগিব ।’

বিজেপি নেতা দেবেন্দ্ৰ ফডনবিছে কয়, ‘তলাবন্ধ জাৰি কৰিলে জনসাধাৰণ ক্ষুধিত হ’ব । বৃহৎ ব্যৱসায়সমূহ বন্ধ হৈ পৰিব । বিজেপিৰ তলাবন্ধৰ বিৰোধী নহয় । কিন্তু সঠিক পৰিকল্পনা অনুযায়ী আগবাঢ়িব লাগিব ।’

Exit mobile version