কৰ’না পৰিস্থিতিতে হৰিদ্বাৰত কুম্ভমেলা

ক'ভিড বিধি উলংঘা কৰি গংগাস্নান শহস্ৰাধিক ভক্তৰ

haridwar kumbh mela 2021 1617772349

কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত উদ্বিগ্ন সমগ্ৰ দেশ ।  ঠিক সেই সময়তে সম্পূৰ্ণ ওলোটা ছবি প্ৰত্যক্ষ হ’ল উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ কুম্ভমেলাত । হেজাৰ হেজাৰ ভক্ত‌ই ক’ভিড বিধি উলংঘা কৰি গংগাস্নানৰ বাবে একত্ৰিত হৈছে হৰিদ্বাৰত । সামাজিক দূৰত্ব নমনাৰ লগতে বহু ভক্তক মুখত মাস্ক পৰিধান নকৰাও পৰিলক্ষিত হয় ।

দেশত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে কুম্ভমেলাৰ এই সমাৱেশত উদ্বেগ প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে । বহুতে দাবী জনায় যে, ইয়াত যেন স্বাস্থ্য মন্ত্ৰণালয়ৰ ক’ভিড বিধিনিষেধক প্ৰহসনত পৰিণত কৰা হৈছে । ভক্তসকলে সামাজিক দূৰত্ব অগ্ৰাহ্য কৰি, মাস্ক পৰিধান নকৰি হেঁচা-ঠেলাকৈ গংগাৰ পাৰত নামিছে । কিছু সংখ্যক ভক্ত‌ই কয় যে, তেওঁলোক ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন নহয় । কাৰণ, উত্তৰাখণ্ডত সোমাবলৈ ভক্তসকল কৰ’না নিগেটিভ হ’ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ।

প্ৰতি ১২ বছৰৰ ব্যৱধানত কুম্ভমেলা হয় । হৰিদ্বাৰত গংগাস্নানৰ বাবে লক্ষ লক্ষ ভক্ত আহে । কিন্তু এইবাৰৰ কুম্ভমেলা এটা আচহুৱা পৰিস্থিতিৰ মাজত অনুষ্ঠিত হৈছে । দেশত কৰ’নাৰ দ্বিতীয় ঢৌ । গংগাৰ সকলো ঘাটতে ক’ভিড বিধি মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । স্বাস্থ্য বিশেষজ্ঞসকলে বিশাল সমাৱেশ বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

ইপিনে, ভক্তগণৰ বহুতেই কয় যে, বাস্তৱত এইটো সম্ভৱ নহয় । মেলাৰ দায়িত্বত থকা এছকে গুঞ্জলে জনায় যে, ভিৰ নিয়ন্ত্ৰণ কৰাটো এটা বৃহৎ প্ৰত্যাহ্বান । কিন্তু ক’ভিড বিধি যাতে কঠোৰভাৱে মানি চলা হয় তাৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে ।

হৰিদ্বাৰত বিগত ২৪ ঘণ্টাত ৩৬৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে । চহৰৰ সক্ৰিয় ৰোগীৰ সংখ্যা আৰু দৈনিক সংক্ৰমণ এসপ্তাহৰ ভিতৰত এশ শতাংশ বৃদ্ধি পাইছে । যোৱা ছয় এপ্ৰিলত উত্তৰ প্ৰদেশত ক’ভিড আক্ৰান্তৰ সংখ্যা এক লাখ অতিক্ৰম হৈছে । ইয়াৰ পাছতেই সংক্ৰমণৰ গ্ৰাফ ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হৈছে ।

বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১৫ হেজাৰ ৩৫৩ জন লোক । মাৰ্চৰ অন্তত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা আছিল ন হেজাৰ ৮৪৮ জন । দুসপ্তাহৰো কম সময়ত ছয়শ শতাংশ বৃদ্ধি হৈ সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৭১ হেজাৰ ।

Exit mobile version