মহাৰাষ্ট্ৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা স্থগিত

স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান

968880 cbse

কৰ’না সংক্ৰমণৰ কথা বিবেচনা কৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা বাতিল কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে ।

ৰাজ্যিক শিক্ষামন্ত্ৰী বৰ্ষা গাইকৱাড়ে জনায় যে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা মে’ৰ শেষৰফালে আৰু দশম শ্ৰেণীৰ জুনত অনুষ্ঠিত কৰা হ’ব । সমগ্ৰ বিষয়টো পৰ্যৱেক্ষণ কৰাৰ পাছত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ’ব । আজি টুইট কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘বৰ্তমান পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অনুকূল নহয় । স্বাস্থ্য আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ।’

বিভিন্ন শিক্ষা প্ৰতিষ্ঠান, শিক্ষাবিদ, শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ স’তে আলোচনা কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে । এই বিষয়ত আলোচনাৰ সময়ত নানা বিকল্প উত্থাপন হৈছিল । কিন্তু স্বাস্থ্যকেই অধিক গুৰুত্ব প্ৰদান কৰা হয় । সেয়ে সম্প্ৰতি পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ভাৰতৰ আটাইতকৈ বেয়া অৱস্থা মহাৰাষ্ট্ৰৰে । বিগত ২৪ ঘণ্টাত ৬৩ হেজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে । মুঠ আক্ৰান্তৰ সংখ্যা ৩৪ লাখৰো অধিক । পৰিস্থিতি সুচল নহ’লে তলাবন্ধ‌ও জাৰি কৰিবলগীয়া হ’ব পাৰে বুলি সতৰ্কবাৰ্তা দিয়ে প্ৰশাসনে । আগন্তুক বুধবাৰৰ পাছত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

Exit mobile version