ডাঙেমাৰাৰ আইভাণ্ডানী থানত এদিনীয়া কাৰ্যসূচীত পূজা আৰু মেলা অনুষ্ঠিত

WhatsApp Image 2021 04 14 at 5.30.38 PM

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অধীন ডাঙেমাৰা গাঁৱত আইভাণ্ডানী থানত এদিনীয়া কাৰ্য্যসূচীত অনুষ্ঠিত কৰে পূজা আৰু মেলা । উক্ত পূজা আৰু মেলাত কোকৰাঝাৰ জিলাৰ লগতে ধুবুৰী পশ্চিমবংগ আদিৰ পৰাও অসংখ্য ভক্তৰ আগমন ঘটে ।

আজি পুৱা পাঁচ বজাৰ পৰাই আইভাণ্ডানী থানত পূজা-অৰ্চনা কৰি দেৱী আইভাণ্ডানীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিবলৈ হাতে হাতে পাৰ, পঠা ছাগলী, লৈ আহে ।

উল্লেখ্য পূৰ্বৰে পৰা প্ৰচলিত ডাঙেমাৰা গাঁৱত চলি থকা দেৱী আইভাণ্ডানীৰ মন্দিৰটোৰ আজিলৈকে একো উন্নয়ন কৰিব পৰা নাই । আজিলৈকে বিটিচি পৰিসদীয় চৰকাৰেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।

সেয়ে এই বেলি মন্দিৰটো উন্নয়নৰ বাবে বিটিচি পৰিষদৰ পৰা দাবী জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ।

Exit mobile version