জুলাইৰ ভিতৰত ভাৰতত প্ৰস্তুত কৰা হ’ব স্পুটনিক-ভি

মে'ৰ পৰা আৰম্ভ হ'ব আমদানি

1617310379 2869

ভাৰতত ব্যৱহাৰৰ বাবে অনুমোদন পত্ৰ লাভ কৰা তৃতীয়টো কৰ’না প্ৰতিষেধক স্পুটনিক-ভিৰ আগন্তুক মাহৰ পৰাই আমদানি আৰম্ভ হ’ব । জুনৰ অন্তত বা জুলাইৰ আৰম্ভণিৰ পৰা ভাৰততেই উৎপাদন হ’ব পাৰে ৰাছিয়াত তৈৰী এই প্ৰতিষেধকৰ । ভাৰতত স্পুটনিক-ভিৰ ‘ক্লিনিকেল ট্ৰায়েল’ আৰু বণ্টনৰ দায়িত্বপ্ৰাপ্ত সংস্থা ‘ডাক্টৰ ৰেড্ডি’জ লেব’ৰ সূত্ৰে এই খবৰ ।

অক্সফ’ৰ্ড-ছেৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিনৰ পাছত তৃতীয় প্ৰতিষেধক হিচাপে চলিত সপ্তাহতেই ‘ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড’ (আৰডিআইএফ)ৰ স্পুটনিক-ভি ভাৰতত‌ ব্যৱহাৰৰ বাবে ‌অনুমোদন দিছে ড্ৰাগ‌ কণ্ট্ৰ’ল জেনেৰেল ‌অফ ইণ্ডিয়া (ডিচিজিআই)য়ে । আৰডিআইএফে‌ জনায়, বিশ্বৰ ৬০তম দেশ হিচাপে ভাৰতে স্পুটনিক-ভি ব্যৱহাৰৰ বাবে ‌অনুমোদন দিছে ।

আৰডিআইএফে‌ লগতে জনায় যে, ভাৰতত কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে পাঁচটা সংস্থাৰ স’তে ৰেড্ডি’জৰ চুক্তি হৈছে । সংস্থাসমূহ হৈছে, ষ্টেলিছ বায়’ফাৰ্মা, গ্ৰেণ্ড ফাৰ্মা, হেটেৰ’ বায়’ফাৰ্মা, পেনেছিয়া বায়’টেক আৰু ভিৰ্চ’ বায়’টেক । আৰডিআইএফৰ মুখ্য কিৰিলি দিমিত্ৰিয়েভে আজি জনায়, ‘আমাৰ লক্ষ্য এই গ্ৰীষ্মত প্ৰতি মাহৰ অন্তত পাঁচ কোটি কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰা ।’

Exit mobile version