সপ্তাহান্তত তলাবন্ধ ঘোষণা দিল্লী চৰকাৰৰ

969364 969317 maha

দ্ৰুত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে সপ্তাহৰ অন্তত তলাবন্ধ ঘোষণা দিল্লী চৰকাৰৰ । অত্যাৱশ্যকীয় কামসমূহ অব্যাহত থাকিব । বিবাহ অনুষ্ঠানো অনুষ্ঠিত কৰিব পাৰিব, অৱশ্যে তাৰ বাবে কাৰ্ফিউ পাছ লাগিব । শ্বপিং মল, জীম, প্ৰেক্ষাগৃহ বন্ধ থাকিব । ৰেস্তোৰাঁসমূহো বন্ধ থাকিব । হোম ডেলিভাৰীৰ সুবিধা থাকিব । নিয়ন্ত্ৰিত হাৰত বজাৰ-হাটো খোলা থাকিব ।

এটা ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, ‘আপোনালোকৰ বাবেই এই নিয়ন্ত্ৰণ জাৰি কৰা হৈছে । কৰ’নাৰ শৃংখল ভাঙিবলৈ এই নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয় । সেয়ে এপ্ৰিলৰ ১৭ তাৰিখৰ পৰা এই কাৰ্ফিউ জাৰি কৰা হৈছে । শুকুৰবাৰ নিশা ১০ বজাৰ পৰা সোমবাৰ পুৱা ছয় বজালৈ এই কাৰ্ফিউ অব্যাহত থাকিব ।’ দিল্লীৰ লেফটেনেন্ট জেনেৰেল অনিল বৈজলেৰ স’তে আলোচনা কৰিয়ে এই সিদ্ধান্ত জনায় মুখ্যমন্ত্ৰী কেজৰিৱালে ।

দিল্লী চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, প্ৰেক্ষাগৃহত ৩০ শতাংশ দৰ্শক থাকিব পাৰিব, সকলো বজাৰ, শ্বপিং মল, স্পা, ছুইমিং পুল, জীম বন্ধ থাকিব । ৰেস্তোৰাঁত বহি খাব নোৱাৰিব, পেকিং কৰি লৈ যাব পাৰিব । ব্যক্তিগত সংস্থাৰ কৰ্মচাৰীসকলে ঘৰৰ পৰা কাম কৰিব লাগিব ।

দিল্লীৰ চিকিৎসালয়সমূহত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অধিক পৰিমাণে ক’ভিড কেন্দ্ৰ নিৰ্মাণত জোৰ দিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

Exit mobile version