আঠ মাহৰ অন্তত পুনৰ ক’ভিড আক্ৰান্ত হ’ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা

1618563670 4315

আঠ মাহৰ ব্যৱধানৰ পাছত পুনৰ কৰ’না সংক্ৰমিত হ’ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা । মন্ত্ৰীগৰাকীক বৰ্তমান ভৰ্ত্তি কৰোৱা হৈছে বেংগালুৰুৰ এখন চিকিৎসালয়ত ।

চৰকাৰী সূত্ৰই কয় যে দুদিনৰ আগতে জ্বৰৰ লক্ষণ আছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীৰ।তাৰ বাবে তেওঁ কৰ’না পৰীক্ষা কৰোৱা হয় আৰু তাৰ পাছতে শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ কৰ’না পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ দেহত পোৱা গৈছে কৰ’নাৰ উপস্থিতি। জ্যেষ্ঠ বিজেপি নেতাজনক বাংগালুৰুৰ ৰামাইয়া মেম’ৰিয়েল হস্পিটেলত ভৰ্তি কৰোৱা হয়।

যোৱা ২৪ ঘণ্টাত, কৰ্ণাটকত নতুনকৈ কৰ’না সংক্ৰমিত হৈছে ১৪,৭৩৮ জন লোক। মৃত্যুৰ সংখ্যা ৬৬ জন। এই পৰিস্থিতিত শুক্ৰবাৰে কৰ’না পৰিস্থিতি সন্দৰ্ভত চৰকাৰী বিষয়াসকলৰ স’তে এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু বৈঠকখন বাতিল কৰা হয় কিয়নো মুখ্যমন্ত্ৰী নিজেই বৰ্তমান সংক্ৰমণৰ ভুক্তভোগী ।

যোৱা বছৰ আগষ্টৰ আৰম্ভণিতে য়েদিয়ুৰাপ্পাকো ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছিল। কিন্তু সেই সময়ত তেওঁৰ শৰীৰত কোনো লক্ষণ নাছিল। চিকিৎসালয়ত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল।

Exit mobile version