ছুটিৰ পাবৰ বাবেই এগৰাকী মহিলাক চাৰিবাৰকৈ বিয়া কৰোৱাই তিনিবাৰকৈ বিবাহ বিচ্ছেদ কৰিলে এজন লোকে

man marries 4 times divorces thrice

বিয়া কৰিলেই আঠ দিনৰ বাবে ছুটি। এই কাৰ্যালয়ৰ সুবিধা উপভোগ কৰিবলৈ, একেগৰাকী মহিলাকে একেৰাহে চাৰি বাৰ বিয়া কৰাই পুনৰ একেৰাহে তিনিবাৰ বিবাহ বিচ্ছেদ কৰিলে টাইৱানৰ এজন যুৱকে।

নাম উল্লেখ কৰিবলৈ অস্বীকাৰ কৰা ব্যক্তিজন তাইপেইৰ এজন বেংকাৰ। সেই বেংকৰ নিয়ম হৈছে যে যদি কৰ্মচাৰী এজনে বিবাহ পাশত আৱদ্ধ হয়, তেন্তে তেওঁ একেৰাহে আঠ দিনৰ বাবে ছুটি পাব।

যোৱা বছৰ ছয় এপ্ৰিলত প্ৰথম বিবাহ পাশত আৱদ্ধ হয় তাইপেইৰ বেংকাৰ জন। বেংকৰ নিয়ম অনুসৰি তেওঁ ইয়াৰ বাবে একেৰাহে আঠ দিনৰ বাবে ছুটি পায়। তেওঁ আঠ দিনৰ পাছত তেওঁৰ পত্নীৰ স’তে বিবাহ বিচ্ছেদ কৰে।

পিছদিনা তেওঁ একেগৰাকী মহিলাক পুনৰ বিয়া কৰাই। এনেদৰে তেওঁ একেগৰাকী মহিলাক চাৰি বাৰ বিয়া কৰাই আৰু তেওঁৰ স’তে তিনিবাৰ বিবাহ বিচ্ছেদ কৰে।

ফলস্বৰূপে, তেওঁ মুঠ ৩২ দিন নিৰন্তৰ ছুটিত কটোৱাৰ কথা । কিন্তু বেংকে তেওঁক অতিৰিক্ত ছুটি দিয়া নাছিল কিয়নো তেওঁ কৰ্মচাৰীৰ উদ্দেশ্য বুজি পাইছিল। বেংক কৰ্তৃপক্ষই মুখ্যতঃ তেওঁৰ দ্বিতীয় বিবাহৰ পৰা মানুহজনৰ ষড়যন্ত্ৰটো ধৰা পৰিলে।

তথাপিও, তেওঁ প্ৰতিবাৰেই বিবাহ পাশত আৱদ্ধ হৈছে আৰু বেংকৰ পৰা ছুটিৰ বাবে আবেদন কৰিছে।

তেওঁ আইনৰ কাষ চাপিছিল যেতিয়া বেংকে তেওঁৰ চতুৰ্থ বিবাহৰ পাছতো তেওঁৰ আবেদন নাকচ কৰিছিল। আইন ভংগ কৰাৰ বাবে বেংকটোক ৫২হেজাৰ ৮০০ টকাৰ জৰিমনা বিহা হৈছিল।

বেংকে জৰিমনাটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। কিন্তু আদালতে কয় যে মানুহজনে এইটো ইচ্ছাকৃতভাৱে কৰিছিল কিন্তু আইন ভংগ কৰা নাছিল।

Exit mobile version