ভাওঁৰাগুৰীৰ মান্দাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

road accident 1

কোকৰাঝাৰ জিলাৰ গোসাইগাও মহকুমাৰ অন্তৰ্গত ভাওঁৰাগুৰীৰ মান্দাৰপাৰাত সন্ধিয়া ছয় মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

তথ্য অনুসৰি AS 16 G 3037 নম্বৰৰ হোন্ডা চেন্ট্ৰো আৰু AS-16 7475 নম্বৰৰ মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘর্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মটৰ চাইকেলৰ আৰোহীজন।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মটৰ চাইকেলৰ আৰোহী দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ গোসাইগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত ভাওৰাগুৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ গাড়ী দুখনক ভাওৰাগুৰী আৰক্ষী চকীত লৈ যায় ।

Exit mobile version