ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ কুম্ভমেলা প্ৰতীকী ৰূপত পালনৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Kumbh mela 1 696x392 1

দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা হৰিদ্বাৰৰ কুম্ভমেলা সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি প্ৰতীকী ৰূপত কুম্ভমেলা উদ্‌যাপনৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । জুনা আখৰাৰ স্বামী অৱধেশানন্দৰ স’তে এই বিষয়ত ফোনত কথা-বাৰ্তা হৈছে বুলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱত সমৰ্থন জনায় তেওঁ ভক্তসকলক ভিৰ কৰি গংগাস্নানৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় ।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে, ‘আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিৰ স’তে ফোনত কথা হৈছে । সাধুসন্তসকলৰ খবৰ ল’লো । সকলোৱে প্ৰশাসনৰ স’তে সহযোগিতা কৰিছে । ইয়াৰ বাবে সন্তসকলক কৃতজ্ঞতা জনাইছো । দুটা গংগাস্নান ইতিমধ্যে সম্পন্ন হৈছে । কৰ’না সংকটৰ প্ৰতি লক্ষ্য ৰাখি ম‌ই অনুৰোধ জনাইছো যে সম্প্ৰতি কুম্ভমেলা প্ৰতীকী ৰূপতেই উদ্‌যাপন কৰক, ই এই সংকটৰ স’তে যুঁজাত আমাক শক্তি জোগাব ।’

প্ৰধানমন্ত্ৰীৰ টুইটৰ পাছতে তেওঁৰ প্ৰস্তাৱত সমৰ্থন জনায় স্বামী অৱধেশানন্দ‌ই টুইট কৰে, ‘প্ৰধানমন্ত্ৰীৰ অনুৰোধক সন্মান জনাইছো । সকলোকে অনুৰোধ জনাইছো, আপোনালোকে ক’ভিড পৰিস্থিতিত বিপুল সংখ্যাত গংগাস্নান কৰিবলৈ নাহিব আৰু সকলো বিধিনিষেধ মানি চলক ।’

Exit mobile version