পশু খাদ্য গোচৰত অভিযুক্ত লালুপ্ৰসাদৰ তিনি বছৰৰ পাছত জামিন মঞ্জুৰ

623419 laluu

পশু খাদ্য দুৰ্নীতি গোচৰত জামিন লাভ কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে । শনিবাৰে দুমকা ট্ৰেজেৰী গোচৰত জামিন মঞ্জুৰী কৰিছে ঝাড়খণ্ড উচ্চ ন্যায়ালয়ে । চাৰিটা পশু খাদ্য গোচৰত দোষী ‌সাব্যস্ত হৈছিল লালু । এইবাৰ তেওঁ কাৰাগাৰৰ পৰা মুক্ত হ’ব বুলি জানিবলৈ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে বিগত ১৯ ফেব্ৰুৱাৰীত লালুৰ জামিন খাৰিজ কৰিছিল ন্যায়ালয়ে । দুমকা কোষাগাৰৰ পৰা তিনি কোটি ১৩ লাখ টকা বেআইনীভাৱে ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁৰ দুটা ধাৰাত সাত বছৰৰ কাৰাদণ্ড হৈছিল ।

Exit mobile version