ভেদাইলতাৰ গুণাগুণ

2150091

★ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।

★বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।

★অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।

★ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।

★দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।

★ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।

★ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।

★ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।

★ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।

★এই লতা খালে মানুহৰ হজম আৰু শৰীৰৰ শক্তি বৃদ্ধি পায় ।

★ভেদাইলতাৰ খালে পেটফুলা,বদহজম দূৰ হয় আৰু লিভাৰ সুস্থ হৈ থাকে।

Exit mobile version