মকৰা জালৰ পৰা সৃষ্টি হ’ল সুৰৰ মায়াজাল

60776dbe7ba03.image

মকৰাৰ জাল হৈছে এক আশ্চর্যকৰ নির্মাণ। বছৰৰ পাছত বছৰ ধৰি সেই জালৰ নক্সা, গঠনৰ বৈচিত্রতাই বিজ্ঞানীসকলক মুগ্ধ কৰি আহিছে। যােগাযােগ প্রক্রিয়াৰ পৰা আৰম্ভ কৰি নির্মাণ পর্যন্ত, মকৰাৰ জালত যেন তথ্যৰ গভীৰ সুৰ মিহলি হৈ আছে। এই ধাৰণাই কৰিছে আমেৰিকাৰ ‘মেচাছুচেটছ ইনষ্টিটিউট অৱ টেকন’ল’জী’ৰ অধ্যাপক মার্কাছ বুয়েলাৰে।

বিজ্ঞানী বুয়েলাৰ আৰু তেওঁৰ গৱেষকৰ দলটোৱে এই মকৰাজালৰ পৰাই সৃষ্টি কৰিছে সুৰৰ মায়াজাল। এই বিশেষ গৱেষণাই সকলােকে মুগ্ধ কৰি তুলিছে। এই ক্ষেত্ৰত গৱেষকসকলে মকৰা জালৰ থ্রী ডি মডেল তৈয়াৰ কৰিছে। লগতে সেই জালত সৃষ্টি হােৱা শব্দ তৰংগক কামত লগাই কম্পিউটাৰৰ এলগৰিদমৰ দ্বাৰা সৃষ্টি কৰা শব্দমালাই সকলােকে আশ্চর্যচকিত কৰি তুলিছে। উল্লেখ্য যে জালখনেই হ’ল মকৰাৰ পৃথিৱী।

এই জালত বহিয়ে মকৰাই জাল গোঁঠে, ছিঙিলে মেৰামতি কৰে, চিকাৰ ধৰে আৰু জালত বহিয়ে সেই চিকাৰ ভক্ষণ কৰে। অধিকাংশ সময় জালত ওলমি থাকিয়ে পাৰ কৰে মকৰাই। অধ্যাপক বুয়েলাৰে কয়, মকৰা হৈছে এবিধ অদ্ভুত জীৱ। সিহঁতে যি দেখে বা অনুভৱ কৰিব পাৰে, সেয়া মানুহৰ দৃষ্টিগােচৰ বা কর্ণগােচৰ নহয়। সেয়ে মকৰাৰ জালৰ পৰা সৃষ্টি শব্দৰ পৰাই আমি সেই অভিজ্ঞতাত চামিল হ’ব পাৰাে।

অৱশ্যে মকৰাৰ দৃষ্টিশক্তি যে সামগ্রিকভাৱে উন্নত নহয় সেই কথাও জনাইছে বুয়েলাৰে। বিজ্ঞানীজনে কয়, মকৰাই চকুৰে বৰ ভালকৈ নেদেখে। সিহঁতে কম্পনৰ সাহায্যত অনুভৱ কৰে। সেইদৰেই সিহঁতে প্রকৃতিৰ স’তে, আন মকৰাৰ স’তে যােগাযােগ স্থাপন কৰে। আমি মকৰাবােৰৰ পৰা পােৱা সেইবােৰ কম্পনক বাণীবদ্ধ কৰি আর্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত এই কম্পনৰ চৰিত্ৰ বুজাৰ চেষ্টা কৰিছাে।

এইদৰে মকৰাবােৰৰ ভাষা বুজাই হৈছে আমাৰ লক্ষ্য। মকৰাৰ জালৰ পৰা পােৱা শব্দৰ পৰা বিজ্ঞানীসকলে তৈয়াৰ কৰিছে স্বৰলিপি। এটা বিশেষ যন্ত্র তৈয়াৰ কৰি তাৰ সাহায্যত সেই স্বৰলিপিৰ ভিত্তিত সৃষ্টি কৰা হৈছে ‘সংগীত। তাৰ লগতে যুক্ত কৰা হৈছে। ভার্চুৱেল ৰিয়েলিটী। ফলত দর্শকে অনায়াসে একেলগে সেই শব্দ শুনিব পাৰিব, তাৰ লগতে মকৰাৰ জালত কেনে ধৰণৰ কম্পনে খেলা কৰিছে সেয়াও চাবলৈ পাব। বুয়েলাৰে কয়, ইয়াৰ ফলত প্ৰকৃতিৰ স’তে মকৰাৰ সম্পর্ক কেনে সেয়া বুজাটো সম্ভৱ হ’ব।

Exit mobile version