কার্তিকক আত্মহত্যা কৰিবলৈ বাধ্য নকৰিব’, ছবিৰ পৰা বাদ দিয়া কৰণ জোহৰক কটাক্ষ অভিনেত্ৰী কংগনা

ksn 138754913 sm

‘দোস্তানা ২’ৰ পৰা বাদ দিয়া হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা কাৰ্তিকক । কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে সেই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰে।

এতিয়া এই ঘটনাৰ স’তে সুশান্ত সিংহ ৰাজপুতৰ মৃত্যু প্ৰসংগ তুলি আনিবলৈ দেৰি নকৰিলে বলিউদৰ অভিনেত্ৰী কংগনা ৰাণৌৱটে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আগতেই কৰণ জোহৰৰ ওপৰত স্বজনপোষণৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে । সুশান্তৰ মৃত্যুৰ পাছতো প্ৰযোজক আৰু পৰিচালকৰ ফালে আঙুলি তুলিছিল কংগনাই। তেওঁ দাবী কৰে যে কৰণৰ দৰে ‘মাফিয়া’ৰ বাবে সুশান্তৰ দৰে বাহিৰৰ লোকে বলীউডত সুযোগ নাপাই । সেই অভিযোগ পুনৰ উত্থাপন কৰিলে বলিউদৰ কুইনে।

তেওঁ টুইট কৰি লিখিছে, ‘অনুগ্ৰহ কৰি কাৰ্তিকক এৰি দিয়ক। তাৰ পাছত নপৰিব। যাতে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হয়। ঠিক যেনেদৰে আপুনি সুশান্তৰ সময়ত কৰিছিল’। তেওঁ কাৰ্তিকলৈ আন এটা সম্বোধনও টুইট কৰিছে। তেওঁক আশ্বাস দিয়ে যে কংগনা তেওঁৰ কাষত আছে।

কাৰ্তিকক বাদ দিয়াৰ পিছত ছবিখনত কোনে নিজৰ স্থান লৈছে সেয়া এতিয়াও জনা হোৱা নাই। কিন্তু তেওঁ ইতিমধ্যে জাহ্নৱী কাপুৰ আৰু টেলিভিছনৰ অভিনেত্ৰী লক্ষ্য লালৱানী ছবিখনত স্বাক্ষৰ কৰিছিল।

Exit mobile version