“দোস্তানা’ হেৰুৱালে কার্তিকে

Kartik Aaryan

অভিষেক বচ্চন, জন আব্রাহাম আৰু প্রিয়ংকা চোপ্রা অভিনীত ‘দোস্তানা’ নামৰ ছবিখনে এসময়ত প্ৰচুৰ সফলতা অর্জন কৰিছিল। পুৰুষৰ সমকামিতাক বিষয়বস্তুৰূপে লৈ নিৰ্মাণ কৰা কমেডী ছবিখনৰ ৰিমেক নির্মাণ কৰিবলৈ ওলাইছে কৰণ জোহৰে।

ADVERTISEMENT

এই ৰিমেকৰ বাবে প্রথমে চুক্তিবদ্ধ কৰা হৈছিল নৱ প্রজন্মৰ যুৱতীৰ হার্টথ্র’ব’ কার্তিক আৰিয়ানক। কিন্তু শেহতীয়া খবৰ অনুসৰি, “দোস্তানা ২’ ছবিৰ পৰা বাদ পৰিল কার্তিক। বলিউদৰ সূত্ৰই জনােৱা মতে, ছবিখনৰ চিত্রনাট্যক কেন্দ্ৰ কৰি সন্তুষ্ট নহয় কার্তিক।

সেইবাবেই হেনাে নির্মাতাৰ স’তে তাৰকা অভিনেতাজনৰ মতানৈক্য আৰম্ভ হয়। ইয়াৰ উপৰি চিত্রগ্রহণৰ বাবে কার্তিকে সময় দিয়াতাে কিছু সমস্যাৰ সৃষ্টি হৈছিল। ইয়াকে লৈ প্রযােজক জোহৰৰ স’তে কার্তিকৰ তিক্ততা আৰম্ভ হােৱা বুলিও সূত্ৰটোৱে সদৰী কৰিছে।

দোস্তানা ২’ৰ পৰিৱর্তে কার্তিকে ৰাম মাধৱনীৰ ধামাকা’ ছবিৰ কাম আগতে শেষ কৰাৰ সিদ্ধান্ত লােৱাৰ বাবেই খগহস্ত হৈ পৰিছে প্রযােজক জোহৰ। অৱশ্যে আন এক সংবাদ মাধ্যমে দাবী কৰিছে যে আন এখন ছবিক কেন্দ্ৰ কৰিয়েই কার্তিক আৰু জোহৰৰ মাজত বিভেদ সৃষ্টি হয়। শশাংক খৈটানৰ ছবি ‘যােদ্ধা’ত কার্তিকৰ পৰিৱর্তে শ্বাহিদ কাপুৰক মুখ্য ভূমিকাত লােৱাৰ বাবেই তেওঁ মর্মাহত হয়।

পাছত শ্বাহিদে ছবিখন এৰি দিয়াৰ পাছতাে হেনাে কার্তিকক অভিনয়ৰ প্রস্তাৱ নিদিলে। এই ধৰণৰ নানা গুঞ্জন এতিয়া ভাহি আছে কার্তিক ‘দোস্তানা ২’ৰ পৰা বাদ পৰাৰ প্ৰসংগত। ভৱিষ্যতেও হেনাে কার্তিকৰ স’তে কোনাে কাম নকৰে জোহৰ বা তেওঁৰ প্রযােজনা সংস্থা ধর্মা প্ৰডাকচনে। অৱশ্যে জোহৰ বা কার্তিকে ইে প্রসংগত এতিয়াও কোনাে ৰাজহুৱা মন্তব্য কৰা নাই।

উল্লেখ্য যে ‘দোস্তানা ২’ত অভিনয় কৰিব টিভি অভিনেতা লক্ষ্য লালৱানি আৰু জাহ্নৱী কাপুৰে। কার্তিকৰ পৰিৱর্তে কোনে অভিনয় কৰিব সেয়া এতিয়াও অজ্ঞাত হৈ আছে।

Exit mobile version