বৰ্ধিত ক’ভিড সংক্ৰমণৰ বাবে স্থগিত কৰা হ’ল জেইই মেইনৰ এপ্ৰিলৰ প্ৰৱেশিকা পৰীক্ষা

JEE Main 2021 1 1

এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া জ‌ইণ্ট এণ্ট্ৰেন্স এক্‌জামিনেছন (জেইই মেইন)ৰ প্ৰৱেশিকা পৰীক্ষা স্থগিত কৰা হ’ল । এইটো চলিত বৰ্ষৰ তৃতীয় প্ৰৱেশিকা পৰীক্ষা আছিল । ইয়াৰ আগৰ দুটা পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চত অনুষ্ঠিত হৈ গৈছে । আজি এপ্ৰিলৰ পৰীক্ষা পিছুৱাই দিয়াৰ বিষয়ে জনায় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে । ক’ভিড পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

শিক্ষামন্ত্ৰী পোখৰিয়ালে টুইটাৰত লিখে, ‘মই পুনৰ ক’ব বিছাৰিছো ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক সুস্থতা আৰু তেওঁলোকৰ ভৱিষ্যতত শিক্ষাত কোনো বাধা নাহা, এই মুহূৰ্তত সেইটোৱে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ । কেতিয়ালৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, সেয়া শীঘ্ৰেই জনোৱা হ’ব । দিন ঘোষণা আৰু পৰীক্ষাৰ মাজত ১৫ দিনৰ ব্যৱধান থাকিব ।’

ইয়াৰ পূৰ্বে শুকুৰবাৰে আইচিএছ‌ই আৰু আইএছচি পৰীক্ষা পিছুৱাৰ কথা ঘোষণা কৰা হৈছে । জেইই মেইনৰ পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা হোৱা নাই, ২৭-৩০ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া আছিল ।

Exit mobile version