অৱসৰৰ পাছত আর্থিক নিৰাপত্তা দিব এলআইচিৰ এইখন আঁচনিয়ে

aa Cover bemabt1n02m2qlob8721uj6fq0 20190225005114

ফিক্সড ডিপজিট আঁচনিসমূহৰ সুতৰ হাৰ হ্রাস পাই গৈয়ে আছে। যাৰ ফলত অৱসৰপ্ৰাপ্ত প্রবীণ নাগৰিকসকল সবাতােকৈ বেছি বিপদৰ সন্মুখীন হৈছে । কিয়নাে আন উপভােক্তা বা বিনিয়ােগকাৰীৰ তুলনাত প্রবীণ নাগৰিকসকলেই নিশ্চিত আৰু সুৰক্ষিত আয়ৰ ওপৰত বেছি গুৰুত্ব দিয়ে ।

অৱসৰৰ পাছৰছােৱা সময়ত সাধাৰণতে প্রতিজন ব্যক্তিৰ উপার্জনৰ পৰিমাণ হ্রাস পায় অথবা আর্থিক অৱস্থাৰ অৱনতি ঘটে। কর্ম জীৱনৰ পৰা অব্যাহতি লােৱাৰ পাছত সেয়ে ক্ষুদ্র সঞ্চয় আঁচনিসমূহেই প্রবীণ নাগৰিকসকলৰ বাবে নিয়মীয়া আয়ৰ সর্বোৎকৃষ্ট ভৰসা বুলি বিবেচিত হৈ আহিছে ।

কিন্তু ফিক্সড ডিপজিটৰ সুতৰ অনিশ্চয়তাই জীৱনৰ বিয়লি বেলাত বাৰুকৈয়ে প্ৰভাৱিত কৰিছে প্রবীণ নাগৰিকসকলক। এনে পৰিস্থিতিত এলআইচিৰ এক বিশেষ আঁচনিয়ে গ্রাহকক অৱসৰৰ পাছত যথেষ্ট সকাহ দিব পাৰে। জানাে আহকচোন এই আঁচনিৰ বিষয়ে অৱসৰৰ পাছৰ সময়ছােৱাত আর্থিক চিন্তা দূৰ কৰিব পৰাকৈ গ্রাহকৰ বাবে এইবাৰ অন্য এক আকর্ষণীয় পলিচী লৈ আহিছে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এলআইচিয়ে।

এই পলিচীৰ নাম হৈছে জীৱন শান্তি পলিচী। নতুন এই পলিচীৰ বিশেষত্ব এয়াই যে এই প্রকল্পত এককালীন টকা জমা দিলে বছৰি ৭৪,৩০০ টকাৰ পেঞ্চন পাব পাৰি। অর্থাৎ অৱসৰৰ পৰৱর্তী জীৱনত গ্রাহকৰ মাহিলি আয় সুনিশ্চিত কৰাৰ নিশ্চয়তা পাব পৰা যাব এলআইচিৰ এই জীৱন শান্তি পলিচীত। এই পলিচীৰ আৰু এটা ডাঙৰ সুবিধা এই যে, পলিচীখন পৰিয়ালৰ কে’বাজনাে সদস্যই যৌথভাৱেও খুলিব পাৰে।

ন্যূনতম ৩০ বছৰ বয়সৰ পৰা ৮৫ বছৰ পর্যন্ত যিকোনাে বয়সৰ ভাৰতীয় নগৰিকে এই পলিচীৰ সুবিধা লাভ কৰিব পাৰে। পলিচীৰ নিয়ম অনুযায়ী, ৪৫ বছৰ হৈ যােৱা ব্যক্তিয়ে যদি এককালীনভাৱে ১০ লক্ষ টকা বিনিয়ােগ কৰে তেন্তেনবছৰি ৭৪,৩০০ টকা পেঞ্চন পায়। বিনিয়ােগৰ পাছত তাৎক্ষণিকভাৱে বা ১৫ৰ পৰা ২০ বছৰ পাছত নিজৰ সুবিধা মতে পেঞ্চনৰ সুবিধা উপলব্ধ কৰিব পাৰে গ্রাহকে।

অৱশ্যে এই ক্ষেত্ৰত কেতবােৰ চৰ্তাৱলী মানি চলিব লাগিব গ্রাহকে। উল্লেখ্য যে এই পলিচীত প্রতি বছৰে প্রিমিয়াম দিয়াৰ সুবিধা থকাৰ লগতে অনলাইন বা অফলাইন উভয় পদ্ধতিতেই ক্রয় কৰাৰ সুবিধাও উপলব্ধ। ইমানেই নহয়, পলিচী ক্ৰয় কৰাৰ তিনি মাহৰ পাছত কোনাে মেডিকেল ডকুমেন্ট অবিহনেই ছাৰেণ্ডাৰ কৰাৰাে সুযােগ পাব গ্রাহকে।

Exit mobile version