কৰ’নাৰ উৎসক লৈ তদন্তৰ মাজতে বিতর্কিত পদক্ষেপ বেইজিঙৰ

পুনৰ জৈৱ গৱেষণাগাৰ নির্মাণ হ’ব চীনত

lab full suit

বিশ্বব্যাপী ন’ভেল কৰ’না ভাইৰাছ বিয়পি পৰাৰ বাবে চীনকে দোষাৰােপ কৰিছিল আমেৰিকা, ব্রিটেইন আদি একাধিক দেশে। চীনৰ উহানৰ এটা জৈৱ গৱেষণাগাৰৰ পৰাই এই মাৰাত্মক জীৱাণু সংক্রমিত হােৱাৰ অভিযােগ উঠিছিল।

চীনে এই কথা অস্বীকাৰ কৰিলেও এই সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই। অথচ ইয়াৰ মাজতে পুনৰ জৈৱ গৱেষণাগাৰ নির্মাণ প্রস্তুতি আৰম্ভ কৰিলে চীনে। দেশখনত আৰু বহুতাে জৈৱ গৱেষণাগাৰ নিৰ্মাণৰ প্রস্তুতি আৰম্ভ কৰাৰ কথা সদৰী কৰিছে বেইজিঙে।

চীনৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী খিয়াং লিবিনে সদৰী কৰিছে যে দেশখনৰ জৈৱ নিৰাপত্তা আইনত সম্প্রতি সংশােধনী ঘটোৱা হৈছে। এই নতুন আইনৰ আওতাত আৰু বেছি সংখ্যক জৈৱ গৱেষণাগাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

সংবাদ মাধ্যমৰ আগত মন্ত্রীজনে কয়, এই মুহূর্তত তিনিটা বায়’-ছেফটি লেবেল ৪ আৰু ৮৮টা বায়’-ছেফটি লেবেল ৩ গৱেষণাগাৰ উহানত গৱেষণা অব্যাহত ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই। এটা বিশেষজ্ঞ দলে জনাইছে যে ইয়াৰ কোনাে গৱেষণাগাৰৰ পৰা কৰ’না ভাইৰাছ বিয়পি পৰাৰ অভিযােগক সম্পূৰ্ণৰূপে উলাই কৰিব নােৱাৰি।

সেয়ে সকলাে দিশ তন্ন-তন্নকৈ চোৱা হৈছে। লক্ষ্যণীয়ভাৱে গৱেষণাগাৰৰ পৰা ভাইৰাছ বিয়পি পৰাৰ অভিযােগ চীনে ইতিমধ্যেই অস্বীকাৰ কৰিছিল। এই অভিযােগ-প্রতি অভিযােগৰ মাজতেই তেওঁলােকে নতুনকৈ জৈৱ গৱেষণাগাৰৰ পদক্ষেপ আৰম্ভ কৰিলে।

Exit mobile version