ছয় ফুটৰ দূৰত্বতে নিশ্চিত নহয় বিশেষজ্ঞ

শক্তি বৃদ্ধি কৰা জীৱাণুক নিয়ন্ত্রণ কৰাই কঠিন হৈ পৰিছে

602x338 cmsv2 17e07778 2836 5408 90dd 77014e83b520 4492710 1592383287

ছয় ফুটৰ দূৰত্বতাে নিস্তাৰ পােৱা যাব বুলি সম্প্রতি নিঃসংকোচে ক’ব নােৱৰা অৱস্থা হৈছে বিশেষজ্ঞৰ । বৰঞ্চ বিশেষজ্ঞই এতিয়া সাৱধানহে কৰিছে, শক্তি বৃদ্ধি কৰি ভাইৰাছ বা জীৱাণু এতিয়া ইমানেই সংক্রামক হৈ পৰিছে যে ইবােৰক নিয়ন্ত্রণলৈ অনাটোৱেই কঠিন হৈ পৰিছে।

এটা গৃহতে একাধিক লােকে দূৰত্ব বর্তাই ৰাখি চলিলেও সেয়া কিদৰে বিপজ্জনক হৈ পৰিব পাৰে, তাৰ ব্যাখ্যা দাঙি ধৰিছে ‘মেচাছুচেছ ইনষ্টিটিউট অৱ টেকনলজী (এমআইিট)ৰ দুজন বিজ্ঞানীয়ে। ‘কেমিকেল ইঞ্জিনীয়াৰিং এ এপ্লাইড মেথমেটি’ বিভাগৰ অধ্যাপক জেড বাজাণ্ট আৰু জন ডব্লিউ এম বুশ্বে প্রস্তুত কৰা এখন গাইডলাইন ‘পিএনএএছ জাৰ্ণেলত প্রকাশিত হৈছে।

এই নীতি-নির্দেশনাত ব্যাখ্যা কৰা হৈছে এক নির্দিষ্ট স্থানত কিমানজন লােক কিমান সময় থাকিলে কি হ’ব পাৰে, তেওঁলােকে মাস্ক পৰিধান কৰি থাকিলে কি হ’ব বা ঘৰৰ ভেন্টিলেচন ব্যৱস্থা কিমান দায়ী ইত্যাদি। এই গাইডলাইনখন বিশেষকৈ ব্যৱসায়ী,কার্যালয়ৰ কৰ্মচাৰী, স্কুল-কলেজৰ শিক্ষার্থীসকলৰ কথা মনত ৰাখি প্রস্তুত কৰা হৈছে।

মাস্ক পৰিধান কৰি, দূৰত্ববিধি মানি স্কুল-কলেজ, কার্যালয় আদি সচল কৰি ৰখাটো কিমান নিৰাপদ, সেয়াই ব্যাখ্যা কৰা বিশেষজ্ঞসকলে জনাইছে যে এই পর্যন্ত গৱেষণাত পােৱা তথ্য অনুসৰি, মানুহে যেতিয়া কথা কৈছে, কাহিছে, হাঁচিয়াইছে, গান গাইছে বা কিবা খাইছে; জীৱাণুটোৱে তেতিয়া সংক্রমিত লােকৰ মুখৰ পৰা ওলাই বতাহত ভাসমান জলকণিকালৈ জাঁপ দিছে।

বতাহত মিহলি হৈ সেই অৱস্থাত সেইবােৰ দীর্ঘক্ষণ ধৰি থাকিব পাৰে। লগতে কোনাে বন্ধ স্থানৰ বতাহত সম্পূৰ্ণৰূপে বিয়পি পৰিব পাৰে। বিশেষজ্ঞসকলে জনাইছে যে এইদৰেই সবাতােকৈ বেছিকৈ সংক্রমণ বিয়পিছে। ইয়াৰ প্রমাণাে পােৱা গৈছে। বুশ্বে কয়, চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে ছয় ফুট দূৰত্বৰ কথা কোৱা হৈছে।

কিন্তু ঘৰৰ ভিতৰত, কোনাে বন্ধ স্থানত এই নিয়ম কিমান কার্যকৰী হয়, সেয়া জানিবলৈকে আমি গৱেষণা আৰম্ভ কৰিছিলাে। উল্লেখ্য যে সম্পূৰ্ণৰূপে সংগৃহীত তথ্য চালি-জাৰি চাই অংক কৰি কৰি বিজ্ঞানীদ্বয়ে গাইডলাইনখন প্রস্তুত কৰিছে। কোনাে বন্ধ স্থানত সংক্রমিত লােকে প্রৱেশ কৰিলে তেওঁলােকৰ পৰা আনসকল সংক্রমিত হ’বলৈ কিমান সময় লাগিব, তাৰ হিচাপ কৰাৰ চেষ্টা কৰা হয়।

কোনাে দোকান হলে হয়তাে সেই সময় কিছু মিনিট, ৰেস্তোৰাঁৰ তুলনাত ডাঙৰ স্থানত হয়তাে এঘণ্টাৰ প্রয়ােজন। স্কুল-অফিচ আদিত হয়তাে কিছু ঘণ্টা লাগিব পাৰে। এজন মানুহ এটা বন্ধ স্থানত কিমান সময়লৈ নিৰাপদ, তাৰ এটা ধাৰণা দিয়াৰ চেষ্টা কৰিছে এই বিজ্ঞানীদ্বয়ে।

বুশ্বে লগতে কয়, “বিষয়টো এই ধৰণৰ, দ্রুতগতিৰে সলনি হৈছে প্রেক্ষাপট। লক্ষ্যই ক্ৰমাৎ স্থান সলনি কৰিছে। ফলত তাক নাশ কৰা কঠিন হৈ পৰিছে। মন কৰিবলগীয়া যে গাইডলাইন প্রস্তুত কৰাৰ সময়তাে গৱেষকদ্বয়ে অনেক হাৰাশাস্তিৰ সন্মুখীন হৈছিল। বাজাণ্ট আৰু বুশ্বে এই বিষয়টো স্পষ্ট কৰি জনাইছে, ‘দূৰত্ব বজাই ৰখাক লৈ যি বিধি প্রস্তুত কৰা হৈছে, সেয়া সকলাে পৰিস্থিতিতে যথেষ্ট কার্যকৰী নহয়।

কিছু ক্ষেত্ৰত পৰিস্থিতি ইমানেই জটিল যে সেই সহজ নিয়মত বিপদ দূৰ হােৱা নাই। উল্লেখ্য যে ইতিমধ্যে সমগ্র বিশ্বতে কৰ’নাত মৃত্যুৰ সংখ্যাই ৩০ লক্ষ অতিক্রম কৰিছে। টিকাকৰণ অব্যাহত থকা অৱস্থাতাে এই পৰিস্থিতিৰ উদ্ভৱ ঘটিছে। সেই বাবেই উদ্বেগ বাঢ়িছে বিশেষজ্ঞসকলৰ। ইয়াৰ মাজতে ব্রাজিল, ভাৰত আৰু ফ্ৰান্সৰ অৱস্থা সবাতােকৈ জটিল হৈ পৰিছে।

জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ হিচাপ অনুসৰি, যিমান সংখ্যক লােকে এই পর্যন্ত প্রাণ হেৰুৱাইছে; সেয়া ইউক্রেইনৰ কিয়েভ চহৰ,ভেনিজুৱেলাৰ কাৰকাছ আৰু পর্তুগালৰ লিছবন চহৰৰ জনসংখ্যাৰ সমান।আনহাতে, চিকাগাে চহৰৰ জনসংখ্যা ইয়াতকৈ কম, ২৭ লাখ। ইপিনে, ফিলাডেলফিয়া আৰু ডালাছ মিলাই বাসিন্দাৰ সংখ্যা প্রায় ৩০ লাখ। অর্থাৎ কৰ’নাত মৃত লােকসকল ফিলাডেলফিয়া আৰু ডালাছ চহৰৰ বাসিন্দা হােৱা হ’লে, এই চহৰখন নিশ্চিহ্ন হ’লহেঁতেন।

ইপিনে, একাংশ বিশেষজ্ঞই দাবী কৰিছে যে কৰ’নাত মৃত্যু হােৱা লােকৰ প্রকৃত সংখ্যাটো ইয়াতকৈ বেছি। কিয়নাে অতিমাৰীৰ প্ৰথমফালে বহু মৃত লােকৰ তথ্য নথিভুক্ত কৰা নহ’ল। ৰাষ্ট্রসমূহে মৃতকৰ সংখ্যা কম দেখাবলৈকো অসংখ্য মৃত্যুৰ ঘটনা গােপন কৰিব পাৰে বুলিও তেওঁলােকে সন্দেহ কৰিছে।

Exit mobile version