মদৰ দোকান বন্ধৰ দাবীত পাঠশালাৰ চৌখুটীত মহিলাসকলৰ উত্তাল প্ৰতিবাদ

চৌখুটীত থকা মদৰ দোকানৰ চাটাৰ বন্ধ কৰি প্ৰতিবাদ

WhatsApp Image 2021 04 19 at 6.24.33 PM

একমাত্ৰ চৰকাৰী ৰাজহকে মূখ্য হিচাপে গুৰুত্ব দি চৰকাৰৰ আবকাৰী বিভাগে ঠায়ে ঠায়ে মদৰ দোকান দিয়াৰ ফলত যে আমাৰ উঠি অহা নৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে সেই কথা ৰজাঘৰে নুবুজিলেও গ্ৰামাঞ্চলৰ মহিলাসকলে ভালদৰে বুজি পাইছে।

নিজৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যত আৰু যুৱতী মহিলা সকলৰ নিৰাপত্তাৰ স্বাৰ্থত আজি বজালী জিলাৰ সদৰ পাঠশালা সমীপৰ চৌখুটী ভালাগুৰী গাঁওৰ মাজত গঢ়ি উঠা এখন মদৰ অন চপ বন্ধ কৰিবলৈ ওলাই আহিল শতাধিক মহিলা।

তথ্য অনুসৰি চৌখুটী হাই স্কুলৰ সমীপত অলপতে গঢ়ি উঠিছিল হাৰ্দিক আই এম এফ এল নামৰ অন চপখন। প্ৰথম অৱস্থাত উক্ত স্হানত বেলেগ দোকান হ’ব বুলি ভাবিছিল ৰাইজে। কিন্তু পাছত যেতিয়া এইখন মদৰ দোকান হ’ল তেতিয়াই ৰাইজৰ চকু কপালত উঠিল ।

কেৱল সেয়াই নহয় অঞ্চলটোৰ শিক্ষিত একাংশ যুৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ সকলো পুৱাৰ পৰা দোভাগ ৰাতিলৈ টিঘিলঘিলাই থাকি শান্তিপূৰ্ণ অঞ্চলটোৰ সামাজিক বাতাবৰণ কলুষিত কৰিছে।

প্ৰতিবাদকাৰী মহিলা সকলে অভিযোগ কৰা অতি গুৰুত্বপূৰ্ণ আৰু ভয়াৱহ কথাটো হ’ল ওচৰে পাজৰে কোনো মানুহ নথকা এই মদৰ দোকানখনৰ ওচৰেদি নিৰাপদ ভাবে মহিলা অথবা ছাত্ৰী যুৱতী সকল পাৰ হৈ যাব নোৱাৰা পৰিস্হিতিত সৃষ্টি হৈছে।

এনে অৱস্থাত আজি উক্ত অঞ্চলৰ মহিলা সকল ওলাই আহে মদৰ দোকানখন বন্ধ কৰিবলৈ। উত্তেজিত মহিলা সকলে মদৰ দোকান বন্ধ কৰক, মদৰ দোকান নচলিব,আপকাৰী বিভাগ হুচিয়াৰ, আৰক্ষী বিভাগ হুচিয়াৰ, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সহযোগত কৰা এই প্ৰতিবাদ স্হানত অৱশেষত পাঠশালা আৰক্ষী আবকাৰী বিভাগৰ আৰু বজালীৰ কাৰ্যবাহী দন্দাধীশ উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰি সকলো তথ্য পৰ্য্যালোচনা কৰি ব্যৱস্হা গ্ৰহণ নকৰালৈ অন চপখন বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে।

Exit mobile version