ভাৰতৰ স’তে বিমান পৰিসেৱাত নিষেধাজ্ঞা জাৰি কৰিলে হংকঙে । ২০ এপ্ৰিলৰ পৰা তিনি মে’ পৰ্যন্ত বন্ধ থাকিব পৰিসেৱা । ভাৰতত ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় হংকঙে ।
চলিত মাহত ভাৰতৰ পৰা হংকং যোৱা বিস্তাৰাৰ দুখন বিমানৰ ৫০ জন যাত্ৰীৰ শৰীৰত কৰ’নাৰ উপস্থিতি পোৱা যায় । হংকঙৰ নিয়ম অনুযায়ী, তেওঁলোকৰ দেশত অন্য কোনো দেশৰ পৰা অহাৰ সময়ত যাত্ৰীসকলে ক’ভিড নিগেটিভ ৰিপ’ৰ্ট লৈ অহা বাধ্যতামূলক । যাত্ৰা কৰাৰ ৭২ ঘণ্টা পূৰ্বে আৰটিপিচিআৰ পৰীক্ষণ কৰাই এই ৰিপ’ৰ্ট আনিব লাগে । কিন্তু ইয়াৰ পাছতো বিমানবন্দৰত নমাৰ পাছত নমুনা পৰীক্ষণত ৫০ জন যাত্ৰীৰ শৰীৰত ক’ভিডৰ উপস্থিতি পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকে ।
এই নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্বে হংকং চৰকাৰে জনাইছিল যে, দুই মে’ পৰ্যন্ত মুম্বাইৰ পৰা অহা বিমান পৰিসেৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । লগতে ছয় এপ্ৰিলৰ পৰা ১৯ এপ্ৰিল পৰ্যন্ত দিল্লীৰ স’তেও বিমান পৰিসেৱা বন্ধ কৰিছে হংকঙে ।
অৱশ্যে ভাৰতসহ পাকিস্তান আৰু ফিলিপাইনৰ স’তেও বিমান পৰিসেৱাত নিষেধাজ্ঞা জাৰি কৰিছে হংকঙে ।