আমিৰশাহিত অনুষ্ঠিত নহয় ভাৰত-পাক বৈঠক

india pakistan

কিছুদিন পূৰ্বে সংযুক্ত আৰৱ আমিৰশাহিৰ এজন শীৰ্ষ কূটনীতিবিদে ভাৰত-পাক সম্পৰ্কক লৈ এক বিস্ফোৰক মন্তব্য কৰিছিল । তেওঁ জনাইছিল যে আৰৱে ভাৰত-পাকিস্তানৰ মাজত মধ্যস্থতা কৰিছে । ঘটনাচক্ৰে কালি ভাৰত আৰু পাকিস্তানৰ বৈদেশিকমন্ত্ৰী একে সময়তে সংযুক্ত আৰৱ আমিৰশাহিত উপস্থিত আছিল ।

কংগ্ৰেছৰ দলনেতা মল্লিকাৰ্জুন খৰ্গে বিতৰ্কিত মন্তব্য কৰে, ‘এইটো অতি দুৰ্ভাগ্যজনক যে ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু কাশ্মীৰ সমস্যাক আন্তৰ্জাতিক ক্ষেত্ৰলৈ লৈ অনা হৈছে ।’

বিতৰ্ক নিয়ন্ত্ৰণ কৰিবলৈ বৈদেশিক মন্ত্ৰণালয়ে কয় যে, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ভ্ৰমণ সম্পূৰ্ণ দ্বিপাক্ষিক আৰু আমিৰশাহিৰ কৰ্তাসকলৰ বাহিৰে অন্য কাৰো স’তে তেওঁ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা নাই ।

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শনিবাৰেই আৰৱ আমিৰশাহিলৈ যায় পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শাহ মাহমুদ কুৰেছি । ভ্ৰমণ আৰম্ভ হোৱাৰ কেই ঘন্টামানৰ পাছতেই ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগ্‌চিয়ে টুইট কৰে, ‘১৮ এপ্ৰিলত এছ জয়শংকৰে আবুধাবিলৈ যাব । সংযুক্ত আৰৱ আমিৰশাহিৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা বিন জায়েদ আল নাহিয়ানৰ আমন্ত্ৰণত তেওঁ সেই দেশলৈ গৈছে ।’

আমিৰশাহিৰ কূটনীতিবিদৰ পূৰ্বৰ বক্তব্যৰ সূত্ৰ দাঙি ধৰি খৰ্গে কয়, ‘আমি পূৰ্বেই দেখিছো সংযুক্ত আৰৱ আমিৰশাহিৰ কূটনীতিবিদে দাবী জনাইছে তেওঁলোকে ভাৰত আৰু পাকিস্তানৰ মাজত যোগাযোগ কৰিছে । ভাৰতীয় বৈদেশিক নীতিৰ এটা দীৰ্ঘদিনীয়া সাফল্যতা আছিল যে ৭২ৰ চিমলা চুক্তিৰ পাছত আমি পাকিস্তানৰ বিষয়ত কোনো বৈদেশিক শক্তিক সোমাবলৈ দিয়া নাই । দুৰ্ভাগ্যজনক যে, চলিত চৰকাৰৰ আমোলত অন্য দেশে মধ্যস্থতা কৰাৰ লগতে জম্মু আৰু কাশ্মীৰৰ আভ্যন্তৰীণ বিষয়টোও আন্তৰ্জাতিক ক্ষেত্ৰলৈ লৈ যোৱা হৈছে ।’

পাক বৈদেশিক মন্ত্ৰণালয়েও অৱশ্যে ভাৰতৰ স’তে বৈঠকৰ সম্ভাৱনা নাকচ কৰিছে ।

Exit mobile version