সুশান্তৰ জীবন ছবিৰ নিষেধাজ্ঞাৰ দাবী পিতৃৰ, দিল্লী আদালতে জাননী জাৰি কৰিলে নির্মাতাসকলক

81144228

সুশান্তৰ জীৱন ছবিৰ নিৰ্মাতাসকলক জাননী জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। প্ৰয়াত অভিনেতাজনৰ পিতৃ কে কে সিঙৰ ওপৰত নিষেধাজ্ঞাৰ দাবীত আদালতৰ এই সিদ্ধান্ত।

বিগত বছৰৰ পৰা সুশান্ত সিং ৰাজপুতৰ জীৱন আৰু মৃত্যু অনুসন্ধান প্ৰক্ৰিয়াৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণকৰাৰ কথা চলি আছে। একাধিক পৰিচালকে বিষয়টোৰ ওপৰত স্ক্ৰিপ্ট লিখিব বিচাৰিছিল। আনকি খবৰ ওলোৱা হৈছিল যে সুশান্তৰ দৰে দেখা ‘টিকটক’ তাৰকাজনক এজন অভিনেতা হিচাপে দেখা যাব।

কিন্তু সুশান্তৰ পৰিয়ালে ইয়াৰ ওপৰত আপত্তি কৰিবলৈ আদালতৰ কাষ চাপিছিল। প্ৰয়াত অভিনেতাজনৰ পিতৃ কে কে সিঙে সুশান্তৰ জীৱনীত নিষেধাজ্ঞা বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।

ন্যায়াধীশ মনোজ কুমাৰ ওহৰিয়ে ইয়াৰ ভিত্তিত নিৰ্মাতাসকলক জাননী জাৰি কৰিছিল। যিয়ে কয় যে অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰি। এইটোৱে অভিনেতা আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তা সুৰক্ষিত কৰাৰ মৌলিক অধিকাৰ উলংঘা কৰিব। সুশান্তৰ উত্তৰাধিকাৰীৰ অনুমতি অবিহনে কোনো চলচ্চিত্ৰ বা পাঠ প্ৰকাশ কৰিব নোৱাৰিব।

Exit mobile version