কৰ’নাৰ সময়ত গুৰুত্ব বাঢ়িছে ‘৪-৭-৮’ নিশ্বাস প্রক্রিয়াৰ

sars cov 19

অতিমাৰীৰ বাবে বহুতৰেই নানা কাৰণত টোপনিৰ হাৰ কমিছে। এফালে ঘৰৰ পৰা বাহিৰ ওলাব নােৱৰাৰ ফলত হােৱা অৱসাদ, আনফালে কামৰ অনিশ্চয়তা। এটা বৃহৎ অংশৰ মানুহে উদ্বেগত দিন কটাবলগীয়া হৈছে। ইয়াৰে প্ৰভাৱ পৰিছে মানুহৰ টোপনিত।

অৱশ্যে পর্যাপ্ত পৰিমাণৰ নিদ্রা গ্রহণ কৰিব নােৱাৰিলে কাম কৰাৰ শক্তিয়েই পােৱা নাযায়। সেই বাবেই নিদ্ৰাৰ প্রয়ােজন। উক্ত কাৰণতে সম্প্রতি জনপ্রিয় হৈ পৰিছে ৪-৭-৮ নিঃশ্বাস পদ্ধতি। সঠিক নিদ্রা গ্রহণত সাহায্য কৰিব পাৰে এই পদ্ধতিয়ে। এই দাবী কৰিছে আমেৰিকাৰ চিকিৎসক এণ্ডু ভাইলে ।

নিদ্রা-বিশেষজ্ঞ ভাইলে কিছু বছৰৰ পূর্বে টোপনিত ঢলি পৰাৰ এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। সেই সময়ত অৱশ্যে এই পদ্ধতি বিশেষ জনপ্রিয় হােৱা নাছিল, কিন্তু অতিমাৰীৰ সময়ত ই সম্প্রতি অতি জনপ্রিয় হৈ পৰিছে। কি এই পদ্ধতি ? প্রথমে চিৎ হৈ শুই নিঃশব্দে চাৰি ছেকেণ্ডৰ এটা শ্বাস ল’ব লাগিব।

সেই সময়ত মুখ সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব আৰু শ্বাস ল’ব লাগিব নাকেৰে। সেই শ্বাসৰ বতাহ নিজৰ বুকুত সাত ছেকেণ্ড ধৰি থাকিব লাগিব। তাৰ পাছত সেই বতাহ আঠ ছেকেণ্ড পর্যন্ত এৰি থাকিব লাগিব। শ্বস এৰি দিয়াৰ সময়ত মুখৰ পৰা সৰুকৈ চি-চিয়নিৰ দৰে শব্দ কৰিব পাৰিলে ভাল। সমগ্র পদ্ধতিটো মুঠ চাৰিবাৰ কৰিব লাগিব।

দেখা গৈছে যে এই প্রক্রিয়াৰ ফলত সােনকালে টোপনি আহে। কৰ’নাৰ প্রকোপৰ সময়ত যেতিয়া অধিকাংশৰে নিদ্রা হৰিছে, তেনে অৱস্থাত মানুহ দ্বাৰস্থ হৈছে এই প্রক্রিয়া।

Exit mobile version