প্ৰসাদৰ থালিত পিয়াঁজ ৰাখি সমালোচনাৰ সন্মুখীন কংগণা

kg 1618892304948 1618892313090

টুইটাৰত মংগলবাৰে নৱৰাত্ৰিৰ অষ্কমীৰ প্ৰসাদৰ ফটো পোষ্ট কৰাৰ পাছতেই কটাক্ষৰ সন্মুখীন হ’বলগীয়া হয় বলীউডৰ কুইন কংগণা ৰণৌতে । বিভিন্ন প্ৰসাদৰ লগতে ৰখা পিয়াঁজে দৃষ্টি আকৰ্ষণ কৰে নেট ব্যৱহাৰকাৰীসকলৰ । কংগণাই পোষ্টটোৰ জৰিয়তে জনাইছিল যে, তেওঁ অষ্টমীৰ উপবাস ৰাখিছে । এই খাদ্য তেওঁৰ পৰিয়ালবৰ্গৰ বাবে ।

ইয়াৰ পাছতো কটাক্ষৰ পৰা পৰিত্ৰাণ নাপায় কুইনে । সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ একাংশই হিন্দুত্বৰ পাঠ পঢ়াই অভিনেত্ৰীগৰাকীক । এজনে লিখে, ‘প্ৰসাদৰ থালিত পিয়াঁজ থকা উচিত নহয়’, কোনোৱে প্ৰশ্ন উত্থাপন কৰে, ‘প্ৰসাদত পিয়াঁজ ? আপুনি নিশ্চিত নে আপোনাৰ গৃহত নিয়ম পালন কৰা হৈছে ?’

নিজৰ ধৰ্মৰ ৰীতি-নীতিও নাজানে বুলি দাবী উত্থাপন কৰে বহু লোকে । এই পোষ্টৰ পাছতে টুইটাৰত ট্ৰেণ্ড আৰম্ভ হয় ‘#অনিয়ন’ৰ । কংগণাৰ পোষ্টৰ মন্তব্য স্থান ভৰি পৰে নানা ধৰণৰ কটূক্তিৰে ।

সকলো ঘটনা লক্ষ্য কৰি কংগণাই টুইটাৰত আন এটা পোষ্ট কৰে । ঘটনা সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ গৈও তেওঁ প্ৰথমে ধৰ্মক লৈ কিছু বিতৰ্কিত মন্তব্য কৰে । তেওঁৰ অনুসৰি, হিন্দু ধৰ্ম অন্য ধৰ্মৰ দৰে ৰক্ষণশীল নহয় । সেইটোৱে ইয়াৰ সৌন্দৰ্য ।

সেয়ে তেওঁৰ পৰিয়ালবৰ্গই যদি প্ৰসাদৰ স’তে পিয়াঁজ খাব বিচাৰি তাক লৈ বিতৰ্ক কৰা অৰ্থহীন । ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে জনায়, তেওঁ বাহিৰৰ পৰা অহা তেওঁৰ ভাতৃৰ বাবে  সজাইছিল থালিখন । নিজে খোৱা নাই ।

Exit mobile version