কৰ’নাত আক্রান্ত উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশ সংকটজনক অৱস্থাত এজন

Supreme courtofIndia 630x381 1

কৰ’নাত আক্ৰান্ত উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশ। তেওঁলোকৰ মাজৰে এজনৰ অৱস্থা সংকটজনক। বৰ্তমান তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি বিচাৰকসকলে সোমবাৰৰ আগলৈকে আদালতৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিল। সেইকাৰণে আশংকা কৰা হৈছে যে আক্রান্তৰ জৰিয়তে সংক্ৰমিত হব পাৰে আৰু বিভিন্নজন।

ন্যায়াধীশসকলৰ উপৰিও, শীৰ্ষ ন্যায়ালয়ৰ বিভিন্ন শাখাৰ কৰ্মচাৰীসকলৰ মাজত প্ৰতিদিনে কৰ’না সংক্ৰমণ বিয়পি আছে। প্ৰতিদিনে বিচাৰি উলিওৱা হৈছে সংক্ৰমিত লোক।

ন্যায়াধীশ এম আৰ শ্বাহে যোৱা সপ্তাহত কয় যে তেওঁৰ বাসগৃহৰ সকলো কৰ্মচাৰী কৰ’নাৰ দ্বাৰা সংক্ৰমিত হয়। এই মাহৰ আৰম্ভণিতে শীৰ্ষ ন্যায়ালয়ৰ ৪০ জন কৰ্মচাৰী কৰ’না সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে।

১৩ এপ্ৰিলত শীৰ্ষ ন্যায়ালয়ে জাৰি কৰা এখন জাননীত কোৱা হয় যে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে প্ৰয়োজন অনুসৰি ঘৰৰ পৰা কাম কৰিব পাৰে। যদি তেওঁলোকে নিৰ্দিষ্ট দিনত আদালতলৈ অহাৰ প্ৰয়োজন নাই, তেওঁলোকে ঘৰৰ পৰা সকলো বোৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

লগতে এইটোও কোৱা হয় যে যদি কৰ্মচাৰী এজনৰ কৰ’নাৰ লক্ষণ ধৰা পৰে, তেওঁলোকক লগে লগে কাৰ্যালয়লৈ অৱগত কৰিব লাগিব ।

Exit mobile version