মেদবহুলতাৰ ফলত আপুনিও সমস্যাত ভুগিছে নেকি ?

তেন্তে জানি লওক নিয়ন্ত্রণ কৰাৰ উপায়

Obesity body fat accumulation conditions

★ মেদবহুলতা নিয়ন্ত্রণৰ প্রথম আৰু প্রধান চর্ত হ’ল খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব প্রদান কৰা, কম কেলৰিযুক্ত পুষ্টিকৰ আহাৰ গ্রহণ কৰিব লাগে৷

★ খাদ্য তালিকাত প্রচুৰ পৰিমাণে শাক–পাচলি, ফল–মূল আঁহযুক্ত খাদ্য থকা উচিত৷

★ সম্পৃক্ত চর্বিযুক্ত খাদ্য, মিঠাই, ফাষ্টফুড, জংক ফুড, ময়দাৰে নির্মিত খাদ্য কমাই আৰু মদ্যপানৰ অভ্যাস আদি পৰিহাৰ কৰা উচিত৷

★খাদ্যৰ পৰিমাণ কমাই দিনটোত খাদ্য ঘনকৈ গ্রহণ কৰা উচিত৷

★ খাদ্য খোৱা বাচন বা কাঁহী আকাৰত সৰু হ’ব লাগে যাতে কম পৰিমাণৰ খাদ্য ল’লেই কাঁহীখন খাদ্য দ্রব্যৰে পৰিপূর্ণ হৈ পৰে৷

★ খাদ্য ভালকৈ চোবাই খাব লাগে৷ প্রতিগৰাহ ভাত উপভোগ কৰি খাব লাগে৷ খাদ্যবস্তু খাওঁতে সময় ল’ব লাগে৷ দৌৰা দৌৰিকৈ কম সময় লৈ খাদ্য খালে মগজুৰ ছেটিয়েটি চেণ্টাৰটো সন্তুষ্ট হ’বলৈ নাপায়৷ যাৰ ফলত প্রয়োজনতকৈ অধিক খাদ্য খোৱা যায়৷

★ সকলো মানুহৰ শৰীৰৰ ওজন একে নহয়৷ সাধাৰণতে এজন মানুহে এদিনতে তেওঁৰ শৰীৰৰ আদর্শ ওজনৰ ২৫ গুণ কেলৰি খাব লাগে৷ কিন্তু মেদবহুল লোক এজনে তেওঁৰ মেদবহুলতা নিয়ন্ত্রণৰ কাৰণে প্রতিদিনে তেওঁৰ শৰীৰৰ ওজনৰ ২০ গুণ কেলৰিহে খাব লাগে৷

★খাদ্যত যথেষ্ট পৰিমাণে প্রটিন থকা দৰকাৰ৷ সাধাৰণতে এক গ্রাম প্রটিন প্রতি কিলোগ্রাম শৰীৰৰ ওজনৰ কাৰণে খাব লাগে৷

★ চর্বিৰ পৰা পোৱা শক্তিৰ পৰিমাণ মুঠ শক্তিৰ ২০ শতাংশতকৈ বেছি হ’ব নালাগে৷

★নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰি মেদবিহীন স্বাস্থ্যৱান শৰীৰ এটি পাব পাৰি৷ প্রতিদিনে নিয়মিতভাৱে অতিকমেও আধাঘণ্টা শাৰীৰিক ব্যায়াম যেনে– বেগাই খোজকঢ়া, সাঁতোৰা আদিৰ লগতে যোগাসন আদি কৰাৰ অভ্যাস গঢ়ি তুলিলে মেদবহুলতাৰ পৰা অতি সহজে ৰক্ষা পাব পাৰি৷

★যোগাভ্যাসৰ পিছত গৰম পানীৰে গা ধুব লাগে৷

★ নিজকে সক্রিয় কৰি , হাঁহি–ধেমালি কৰি থাকিলে, পুৱা–গধূলি ধ্যান চর্চা কৰি উদ্বেগৰ পৰা আঁতৰত থাকিলে আৰু নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰখাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে মেদবহুলতা দূৰতে বিদূৰ কৰিব পাৰি৷

★ পুৱা গৰম পানীত এক চামুচ মৌ আৰু দুই চামুচ নেমু ৰস মিহলাই খাব লাগে৷

★ নিয়মিত ছয় সাত ঘণ্টা শুব লাগে৷ নিদ্রাহীনতা আৰু অতিনিদ্রা দুয়োটাই স্বাস্থ্যৰ ক্ষতিকাৰক৷

★ ৰাতিৰ খাদ্য খোৱাৰ পিছত অলপ সময় খোজ কাঢ়িব লাগে৷

★দৈনিক সূর্য নমস্কাৰ, পাদহস্তাসন, অর্ধচক্রানুসন, ভুজংগাসন

Exit mobile version