১৮ বছৰৰ ঊৰ্ধ্বসকলক কৰা হ’ব টিকাকৰণ

ক'উইন এপ্‌, প'ৰ্টেলত হ'ব নথিভুক্তকৰণ

gettyimages vaccination june 29

নেছনেল হেল্থ অথৰিটিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ‌এছ শৰ্মাই আজি জনায় যে, ২৪ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বসকলক টিকাকৰণৰ বাবে নাম নথিভুক্তকৰণ আৰম্ভ হ’ব । কেন্দ্ৰীয় চৰকাৰৰ ‘ক’উইন’ এপ্ বা প’ৰ্কেলৰ জৰিয়তে নাম নথিভুক্ত কৰিব পাৰিব ।

শৰ্মাই কয়, ‘১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোৱে নাম নথিভুক্ত কৰিব পাৰিব ক’উইন এপ্লিকেচনৰ জৰিয়তে । ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই নথিভুক্তকৰণ । টিকাকৰণ প্ৰক্ৰিয়া আৰু প্ৰতিষেধক গ্ৰহণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ একেই থাকিব ।’

সোমবাৰে কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণা অনুযায়ী, ১৮ বছৰৰ অনুৰ্ধ্বসকলে প্ৰতিষেধক গ্ৰহণ কৰিব নোৱাৰিব । ১৬ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণৰ প্ৰথম পৰ্যায়ত প্ৰতিষেধক লাভ কৰিছিল স্বাস্থ্যকৰ্মী আৰু প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাসকলে । দ্বিতীয় পৰ্যায়ত ৪৫ বছৰৰ ঊৰ্ধ্বৰসকলে প্ৰতিষেধক লাভ কৰিছিল । এক মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণত ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব । চৰকাৰী চিকিৎসালয়সমূহত বিনামূল্যে প্ৰতিষেধক প্ৰদান কৰা হ’ব । কিন্তু বেচৰকাৰী চিকিৎসালয়ত আৰু অন্য প্ৰতিষেধক কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে ব্যয় কৰিব লাগিব নিজৰ ধন ।

শৰ্মাই কয়, ‘বেচৰকাৰী সংস্থাবোৰক ক’উইন এপত টিকাকৰণৰ দিন আৰু সময় জনাবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে বেচৰকাৰী সংস্থাৰ কৰ্মচাৰীসকলৰ ফোন নম্বৰো ক’উইন এপত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।’

টিকাকৰণৰ পাছত প্ৰতিষেধকৰ কোনো প্ৰভাৱ পৰিছে নে নাই তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি জনায় শৰ্মাই ।

Exit mobile version